নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়ান অ’পেনৰ ‘নতুন ৰাণী’ ৰাইবাকিনা, খিতাপ যুঁজৰ মেচত পৰাস্ত ডিফেণ্ডিং চেম্পিয়ন ছাবালেংকা

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী : অষ্ট্রেলিয়ান অ’পেনৰ মহিলা শাখাৰ ছিংগলছৰ চেম্পিয়নৰ তালিকাত সংযোজন হ’ল আন এক নতুন নাম৷ সন্মানীয় গ্রেণ্ডশ্লামখনৰ নতুন ৰাণী হ’ল কাজাখস্তানৰ এলেনা ৰাইবাকিনা৷ চলিত বছৰটোৰ প্রথমটো গ্রেণ্ডশ্লাম অষ্ট্রেলিয়ান অ’পেনৰ মহিলা শাখাৰ ছিংগলছৰ খিতাপ যুঁজৰ মেচখনত হতাশাজনক পৰাজয়ৰ সন্মুখীন হ’ল ডিফেণ্ডিং চেম্পিয়ন তথা শীর্ষ বাছনিপ্রাপ্ত বেলাৰুছৰ আৰিনা ছাবালেংকা৷

ৰ’ড লেভাৰ এৰেনাত অনুষ্ঠিত ফাইনেল মেচখনত পঞ্চম বাছনিপ্রাপ্ত কাজাখস্তানৰ ৰাইবাকিনাই ডিফেণ্ডিং চেম্পিয়ন ছাবালেংকাক কিছু সংগ্রামৰ মূৰত পৰাস্ত কৰি খিতাপ হস্তগত কৰে৷ দুঘণ্টা ১৮ মিনিট ধৰি চলা মেচখনত ৰাইবাকিনাই ছাবালেংকাক ৬–৪, ৪–৬, ৬–৪ ছেটত পৰাস্ত কৰে৷ ফাইনেল মেচখনত ফেভাৰিট হিচাপে নামিছিল ছাবালেংকাই৷ আনকি মেচখনত শীর্ষস্থানীয় বেলাৰুছৰ তাৰকা খেলুৱৈগৰাকী আগবাঢ়ি আছিল৷ কিন্তু এইবাৰ প্রতিশোধ ল’লে ৰাইবাকিনাই৷

২০২৩ চনৰ অষ্ট্রেলিয়ান অ’পেনৰ ফাইনেলত ছাবালেংকাৰ হাতত পৰাস্ত হৈছিল ৰাইবাকিনা৷ অষ্ট্রেলিয়ান অ’পেনৰ নতুন ৰাণী ৰাইবাকিনাই মাত্র ৩৭ মিনিটৰ ভিতৰতে প্রথমটো ছেট ৬–৪ত দখল কৰিছিল৷ অৱশ্যে দ্বিতীয়টো ছেটত কামবেক কৰে ছাবালেংকাই৷ ৰাইবাকিনাৰ ছার্ভ ভাঙি ৬–৪ত দখল কৰে ছেটটো৷ তৃতীয়টো ছেটত আক্রমণাত্মক আৰম্ভণি কৰে ছাবালেংকাই৷ প্রথম তিনিটা গেম জয়ী হোৱাৰ পিছত এনে লাগিছিল যেন ছাবালেংকাই হয়তো সহজেই মেচখন নিজৰ আয়ত্তলৈ নিব৷ কিন্তু ৰাইবাকিনাই যিদৰে ছার্ভ প্রতিহত কৰিবলৈ আৰম্ভ কৰিলে, ছাবালেংকাই উভতি অহাৰ পথ বিচাৰি নাপালে৷ ৰাইবাকিনাই একেৰাহে ৫টা গেমত জয়লাভ কৰি ৫–৩ৰ অগ্রগতি লাভ কৰে৷ শেষত বিশ্বৰ তৃতীয় বাছনিৰ কাজাখস্তানৰ খেলুৱৈগৰাকীয়ে ৬–৪ত জয়লাভ কৰে৷

উল্লেখ্য যে কেৰিয়াৰত ৰাইবাকিনাৰ এয়া আছিল দ্বিতীয়টো গ্রেণ্ডশ্লামৰ খিতাপ৷ ইয়াৰ পূর্বে ২০২২ চনত উইম্বলডনৰ খিতাপ জয় কৰিছিল ৰাইবাকিনাই৷

You might also like