সক্ৰিয় ৰাজনীতিলৈ ড০ জ্ঞানশ্ৰী বৰা, এৰিলে অধ্যাপিকাৰ চাকৰি
সক্ৰিয় ৰাজনীতিলৈ উভতিব ড০ জ্ঞানশ্ৰী বৰা। ৰাইজৰ দলৰে জড়িত হৈ অখিল গগৈৰ সৈতে বিভিন্ন ৰাজনৈতিক আৰু সামাজিক কাম-কাজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা ড০ জ্ঞানশ্ৰী বৰা শেহতীয়াকৈ গোৱালপাৰা মহাবিদ্যালয়ত সহকাৰী অধ্যাপিকা হিচাপে নিযুক্ত হৈছিল।
কিন্তু শেহতীয়াকৈ তেওঁ সক্ৰিয় ৰাজনীতিত পুনৰ প্ৰৱেশ কৰাৰ সিদ্ধান্ত লৈ ইতিমধ্যে চাকৰি পদত্যাগ কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি, অহা বুধবাৰে ড০ জ্ঞানশ্ৰী বৰাই আনুষ্ঠানিকভাৱে ৰাজনীতিত প্ৰৱেশ কৰিব আৰু এটা আঞ্চলিক ৰাজনৈতিক দলত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
কিন্তু এতিয়াও কোনটো দলত যোগদান কৰিব বা কোনটো সমষ্টিৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াব সেই কথা ৰাজহুৱা কৰা নাই। কিন্তু জানিব পৰা মতে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ড০ জ্ঞানশ্ৰী বৰাই পূৰ্বৰ কাম কৰা ৰাইজৰ দলৰ হৈ মৰিয়নি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰস্তুতি চলাই থকা বুলি চৰ্চাত আছে। ইয়াৰ উপৰি খুমটাই অথবা দেৰগাঁও সমষ্টিও তেওঁৰ প্ৰাৰ্থিত্বৰ চৰ্চাত আছে।
উল্লেখযোগ্য যে গোৱালপাৰা মহাবিদ্যালয়ত অধ্যাপিকা হিচাপে কৰ্মৰত আছল ড০ জ্ঞানশ্ৰী বৰা।
ড০ বৰাৰ এই সিদ্ধান্তই ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশত নতুন চৰ্চাৰ সৃষ্টি কৰিছে।
ডিজিটেল ডেস্ক,৩ ফেব্ৰুৱাৰী