নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বটদ্ৰৱাত ‘পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ গ’ বেক’ ধ্বনি, কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত অথন্তৰ

ডিজিটেল ডেস্ক, ৬ ফেব্ৰুৱাৰী : আজি বটদ্ৰৱাত উপস্থিত হয় কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ দল। কংগ্ৰেছৰ এই পৰিৱৰ্তন যাত্ৰাৰ সময়তে লাগিল অথন্তৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সন্মুখতে দিলে জনতাই দিলে গ’ বেক’ ধ্বনি।

উল্লেখ্য যে কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰা আজি বটদ্ৰৱাত উপস্থিত হয়। কংগ্ৰেছৰ এই পৰিৱৰ্তন যাত্ৰাৰ সময়তে বটদ্ৰৱাত ৰাইজৰ ৰোষত পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। পৰিৱৰ্তন যাত্ৰাৰ দলটো বটদ্ৰৱাত উপস্থিত হোৱাৰ লগে লগে পৰিস্থিতি উত্তপ্ত হৈ পৰে। ৰাজপথতে গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট আখ্যা দি সাংসদগৰাকীৰ সন্মুখতে বটদ্ৰৱাবাসীয়ে দিলে ‘পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ গ’ বেক’ ধ্বনি।

নগাঁৱৰ পৰা বটদ্ৰৱালৈ কংগ্ৰেছ দলে আজি এই পৰিৱৰ্তন যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিছিল। সেই সয়মতে গৌৰৱ গগৈসহ কংগ্ৰেছ কৰ্মীসকল এই অনাহূত পৰিস্থিতিৰ সন্মুখীন হয়।

You might also like