নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপত ভাৰতৰ বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস

ডিজিটেল ডেস্ক, ৬ ফেব্ৰুৱাৰী : বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস। ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপ ২০২৬ত বৈভৱ সূৰ্যবংশীৰ দুৰ্দান্ত প্ৰদৰ্শন।

১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপৰ ফাইনেল মেচখন শুকুৰবাৰে হাৰাৰেত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈ আছে। মেচখনত ভাৰতীয় দলটোৱে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। বিস্ফোৰক বেটিঙেৰে ভাৰতৰ তাৰকা ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীয়ে ৫৫টা বলতে শতক সম্পূৰ্ণ কৰে। বিস্ফোৰক বেটাৰগৰাকীয়ে ৭১টা বলতে ১৫০ ৰানো সংগ্ৰহ কৰিবলৈ সক্ষম হয়। অৱশ্যে বিস্ফোৰক বেটাৰগৰাকীয়ে ১৫টা চাৰি আৰু ১৫টা ছয়ৰ সহায়ত ৮০টা বলত ১৭৫ ৰান কৰি আউট হ’বলগীয়া হয়।

উল্লেখ্য যে পাঁচবাৰৰ খিতাপ বিজয়ী ভাৰতে ষষ্ঠবাৰৰ বাবে খিতাপ জয়ৰ লক্ষ্যৰে খেলখনত অৱতীৰ্ণ হৈছে। ইয়াৰ পূৰ্বে ২০০০, ২০০৮, ২০১২, ২০১৮ আৰু ২০২২ চনত ভাৰতীয় দলটোৱে খিতাপ জয় কৰে।

উল্লেখ্য যে এইবাৰ দ্বিতীয়বাৰলৈ খিতাপ যুঁজৰ মেচত ভাৰত আৰু ইংলেণ্ড মুখামুখি হৈছে। ইয়াৰ পূৰ্বে দুয়োটা দলে ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপ-২০২২ত মুখামুখি হৈছিল। বৰ্তমানলৈ এইখন বিশ্বকাপত দুয়োটা দল অপৰাজিত হৈ আছে।

You might also like