নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক বাৰ্ষিক অধিৱেশন

শোণিতপুৰৰ নদুৱাৰ বিধানসভা সমষ্টিৰ জামুগুৰিহাটৰ নাহৰবাৰীত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক বাৰ্ষিক অধিৱেশনখন তেজপুৰ জিলা শাখাৰ আতিথ্যত আৰম্ভ হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সমৱেত হোৱা লাখ লাখ ভক্তই ভিৰ কৰিছেহি নাহৰবাৰীৰ অনুষ্ঠানস্থলীত। পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি ভকত-বৈষ্ণৱৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে অনুষ্ঠানস্থলী ।

অধিৱেশনস্থলীত আজি কাৰ্যসূচী অনুসৰি, পৰিৱেশ নিকাকৰণ, অধিৱেশনৰ মূল তোৰণ, নামঘৰৰ দ্বাৰ, প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ দ্বাৰ, কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰ, প্ৰতিনিধি শিবিৰ আদি মুকলি কৰাৰ লগতে গছপুলি ৰোপণ কৰা হয় । সংঘৰ সভাপতিসহ সমূহ বিষয়ববীয়া, কাৰ্যকৰী সভাপতি তথা নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ তত্ত্বাৱধানত অনুষ্ঠানস্থলীত ভক্তিপ্ৰাণ ৰাইজৰ বাবে সকলোধৰণৰ সা-সুবিধা উপলদ্ধ কৰোৱা হৈছে। একেদৰে অনুষ্ঠানস্থলীত গজেন্দ্ৰ উপাখ্যানৰ প্ৰতীকপট, জ্যোতি-বিষ্ণুৰ প্ৰতিমূৰ্তি, শ্ৰীমন্ত শংকৰদেৱে ষাড় দমন কৰা কাৰ্য, গৰুড় পক্ষীত বহি থকা বিষ্ণু, নৰসিংহ, বিষ্ণুৰ বৰাহ অৱতাৰ আদি প্ৰতীকপট সজা যথাস্থানত উপস্থাপন কৰা হৈছে।

প্ৰতিনিধি শিবিৰসমূহত গণশিল্পী বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ঠায়ে ঠায়ে সংযোজন কৰাটোও এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা পৰিলক্ষিত হৈছে । অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠানৰ স্মৃতিগ্ৰন্থখনো আজি উন্মোচন কৰা হয় । উল্লেখ্য যে অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংস্কৃতিক শোভাযাত্ৰাও অনুষ্ঠিত হ’ব । একেদৰে অনুষ্ঠানৰ মূল সভাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব ।

নিয়মীয়া বাৰ্তা, বালিপৰা, ৬ ফেব্ৰুৱাৰী :

You might also like