ষষ্ঠবাৰলৈ ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপ দখল ভাৰতীয় দলৰ
নিউজ ডেস্ক, ৭ ফেব্রুৱাৰী : ভাৰতীয় ক্রিকেটৰ উদিত সূর্য বৈভৱ সূর্যবংশীৰ বেটিং তাণ্ডৱত দিশহাৰা হোৱা ইংৰাজ বাহিনীৰ বিৰুদ্ধে ১০০ ৰানত জয়েৰে ষষ্ঠবাৰলৈ ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপ ক্রিকেটত খিতাপ দখল কৰে টীম ইণ্ডিয়াই৷ জিম্বাব’ৱেৰ হাৰাৰেত অনুষ্ঠিত চূড়ান্ত মেচখনত ভাৰতে প্রথমে বেটিং কৰি বৈভৱ সূর্যবংশীৰ বিস্ফোৰক বেটিঙেৰে নির্ধাৰিত ৫০ অ’ভাৰত ৪১১ ৰানৰ বিশাল স্ক’ৰ সংগ্রহ কৰে৷
ছেমিফাইনেলত শতক অর্জন কৰা ভাৰতৰ অ’পেনাৰ আৰ’ন জর্জ ব্যর্থ হ’লেও আনগৰাকী অ’পেনাৰ বৈভৱ সূর্যবংশীয়ে আৰম্ভণিৰে পৰা মাৰমুখী বেটিঙেৰে ইংলেণ্ডৰ বলাৰসকলক স্তম্ভিত কৰি তোলে৷ বৈভৱে ৫৫টা বলতে জুনিয়ৰ বিশ্বকাপৰ দ্বিতীয় দ্রুততম শতক অর্জন কৰে৷ ৮০টা বলত ১৫টা ৬ আৰু ১৫টা ৪ৰে বিশ্বকাপ ক্রিকেট প্রতিযোগিতাখনৰ ইতিহাসতে সর্বোচ্চ ব্যক্তিগত ৰান সংগ্রহকাৰী হিচাপে পৰিগণিত হয় বিহাৰৰ ১৪ বছৰীয়া বেটছমেনগৰাকী৷
খেলখনত বৈভৱে দ্বিতীয় উইকেটত অধিনায়ক আয়ুস মাত্রেৰ সৈতে ১৪২ ৰানৰ যুটি বান্ধে৷ ২৫ অ’ভাৰ ৩টা বলত দলীয় স্ক’ৰ ২৫১ ৰানত ব্যক্তিগত ১৭৫ ৰান সংগ্রহৰ সময়তে আউট হয় বৈভৱ৷ ইয়াৰ পিছতে অধিনায়ক আয়ুস মাত্রেই ৫৩ ৰানৰ দায়িত্বশীল ইনিংছ খেলে৷ ভাৰতৰ বেদান্ত ত্রিবেদীয়ে ৩২, বিহান মালহোত্রাই ৩০, অভিজ্ঞান কুণ্ডুৱে ৪০ আৰু কনিষ্ক চৌহানে ৩৭ ৰানৰ বৰঙণি আগবঢ়ায়৷
ইফালে, বিশাল ৪১২ ৰানৰ লক্ষ্য লৈ খেল আৰম্ভ কৰা ইংলেণ্ড দলটোৱে প্রথম অৱস্থাত লেহেমীয়া গতিৰে খেল আৰম্ভ কৰে৷ দলটোৰ অ’পেনাৰ বেন ডকিন্সে ৬৬ ৰান কৰিলেও আনগৰাকী অ’পেনাৰ যোছেফ ব্যর্থ হয়৷ টপ অর্ডাৰ বেটছমেনকেইজনেও খেলত বেছি সময় টিকি থাকিব নোৱাৰিলে৷ অৱশ্যে মিডল অর্ডাৰ বেটছমেন কালেব ফেলকনাৰে ৬৭টা বলত ৯টা চাৰি, ৭টা ছয়েৰে ১১৫ ৰানৰ ব্যক্তিগত ইনিংছেৰে দলটোক সন্মানজনক স্থিতিত উপনীত কৰায় যদিও ১০০ ৰানৰ ব্যৱধানত ইংলেণ্ড পৰাজিত হয়৷ ভাৰতৰ হৈ আৰ এছ অম্বৰীশে সর্বাধিক তিনিটা উইকেট দখল কৰে৷
ইফালে, বিস্ফোৰক বেটছমেন বৈভৱ সূর্যবংশীয়ে ফাইনেলৰ মেন অৱ দ্য মেচ আৰু মেন অৱ দ্য ছিৰিজ সন্মান লাভ কৰে৷ বিশ্বকাপ জয়ী ভাৰতীয় দলটোক প্রধানমন্ত্রী মোদীসহ দেশী–বিদেশী ক্রিকেট তাৰকাসকলে শুভেচ্ছা জনায়৷