নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অকণিহঁতৰ হাতৰ মুঠিৰ ভয়ংকৰ পৃথিৱীখন

বিজ্ঞানে যিমানেই অগ্রগতি লাভ কৰিছে, ন ন আধুনিক আৱিষ্কাৰে যিমানেই আমাক গ্রাস কৰিছে, সিমানেই সংকুচিত হৈ আহিছে পৃথিৱীখন৷ মহাদেশ–মহাসাগৰেৰে ভৰা বহল–বিশাল পৃথিৱীখনক এতিয়া হাতৰ মুঠিতে কঢ়িয়াই লৈ ফুৰিব পৰা হৈছে৷ বাস্তৱিকতে প্রায় প্রতিজন নাগৰিকে পৃথিৱীখন কঢ়িয়াই ফুৰে এতিয়া হাতৰ মুঠিত৷ পৃথিৱীত যোৱা ৩০টা বছৰত যিবোৰ আৱিষ্কাৰ হৈছে সেইসকলৰ ভিতৰত সকলোতকৈ চমকপ্রদ আৰু ‘লাগতিয়াল’ আৱিষ্কাৰটোৱেই হৈছে ম’বাইল ফোন৷

এটা এন্ড্রইড ম’বাইলৰ স্ক্রীনত আপুনি স্পর্শ কৰিলে নিমিষতে আপোনাৰ সন্মুখত উদ্ভাসিত হৈ উঠে পৃথিৱী৷ ৰাজনীতিৰ পৰা ক্রীড়াংগনলৈ, সাহিত্যৰ পৰা সংস্কৃতিলৈ, বিশ্বৰ চুকে–কোণে হৈ থকা গান–বাজনাৰ পৰা খেতিপথাৰলৈ, শেহতীয়া বাতৰিৰ পৰা অতীতৰ গহ্বৰত সোমাই থকা পৰিসংখ্যালৈ এই সকলোবোৰ ম’বাইলৰ স্ক্রীনৰ আঙুলিৰ কেইটামান টিপত খোল খাই পৰে আপোনাৰ সন্মুখত৷ কি নাপায় এটা ম’বাইলত- আপোনাৰ একপি ভাল ফটো উঠিবলৈ মন গৈছে, এটা গান শুনিবলৈ মন গৈছে, ৰেডিঅ’ৰ বাতৰি ল’বলৈ মন গৈছে, আজিৰ তাৰিখটোনো কি জানিবলৈ মন গৈছে, কাইলৈ বতৰ কেনেকুৱা হ’ব সেই বিষয়ে পূর্বানুমান কৰিব খুজিছে অথবা পূব–পশ্চিম–উত্তৰ–দক্ষিণ দিশ কি সেয়া পৰীক্ষা কৰি চাব খুজিলেও পাব ম’বাইলৰ স্ক্রীনত এটা কম্পাছ৷ অৱধাৰিতভাৱে জীৱনৰ এক অত্যন্ত গুৰুত্বপূর্ণ অংগ হৈ পৰিছে হাতৰ মুঠিত আমি কঢ়িয়াই লৈ ফুৰা ম’বাইল ফোনটো৷ অত্যন্ত উপযোগী এই আহিলাবিধেই কিন্তু অপব্যৱহাৰৰ ফলত সন্তর্পণে এচামৰ বাবে মাৰাত্মক বিপদ কঢ়িয়াই আনিছে৷ ম’বাইলত উপলব্ধ বিভিন্ন প্রকাৰৰ গেম আৰু ধন উপার্জনৰ উপাদানসমূহে এক বুজনসংখ্যক নাগৰিকক ম’বাইলৰ প্রতি ভয়ংকৰভাৱে আসক্ত কৰি তুলিছে৷ এনে আসক্তি কি পর্যায়লৈ যাব পাৰে সেই কথাৰ প্রমাণ শেহতীয়া গাজিয়াবাদৰ ভয়ংকৰ ঘটনাটো৷

গাজিয়াবাদৰ এক আৱাসিক এলেকাত থকা এটা অট্টালিকাৰ নৱম মহলাৰ পৰা জঁপিয়াই চৰম পথ লয় তিনিগৰাকী ভগ্ণীয়ে৷ ১৬ বছৰীয়া ভিছিকা, ১৪ বছৰীয়া পাৰছী আৰু ১২ বছৰীয়া পখীয়ে নিজৰ শোৱনি কোঠাৰ দুৱাৰ বন্ধ কৰি নিশা ২ বজাত নৱম মহলাৰ পৰা এজনীৰ পিছত আনজনীকৈ তললৈ জাঁপ মাৰে৷ সুউচ্চ অট্টালিকাটোৰ পৰা জাঁপ মৰাৰ ফলত থিতাতে তিনিওগৰাকী ভগ্ণীৰ মৃত্যু হয়৷ স্বাভাৱিকভাৱেই এই ঘটনাই কেৱল গাজিয়াবাদতে নহয়, সমগ্র দেশতে তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ তদন্তকাৰী আৰক্ষীয়ে যেতিয়া তিনি ভগ্ণীয়ে চৰম পথ লোৱাৰ পূর্বে লিখি থৈ যোৱা আঠ পৃষ্ঠাৰ নোট উদ্ধাৰ কৰে তেতিয়া সকলো হতবাক হৈ পৰে৷ তেওঁলোকে লিখি থৈ গৈছে যে কোৰিয়াৰ এক ম’বাইল গেমৰ আসক্তিত তেওঁলোক ডুব গৈ আছিল৷ এই আসক্তি এৰুৱাবৰ বাবে পিতৃ–মাতৃয়ে লোৱা কঠোৰ পদক্ষেপৰ বাবে তেওঁলোকে চৰম পথ লয়৷ ‘কোৰিয়া ইজ আৱাৰ লাভ, আপোনালোকে যিয়েই নকওক আমি কোৰিয়াক পৰিত্যাগ কৰিব নোৱাৰো’– নোটটোত লিখা আছিল৷

ম’বাইল গেমিঙৰ আসক্তিয়ে কেনে পর্যায়লৈ গ’লে অবুজ কণমানিয়ে নিজৰ জীৱন শেষ কৰি দিয়াৰ বাবে চৰম সিদ্ধান্ত ল’ব পাৰে সেই কথা গাজিয়াবাদৰ এই ঘটনাই পৰিষ্কাৰ কৰি দিছে৷ পৰিসংখ্যা মতে, ভাৰতৰ প্রায় ৯০ কোটি মানুহে ম’বাইল ফোন ব্যৱহাৰ কৰে৷ ইয়াৰে ২২ কোটি চেমনীয়া৷ আনহাতে, মৃদুৰ পৰা গভীৰ ম’বাইল আসক্ত ৩৪ কোটি লোক৷ সেয়ে এই উদ্বেগজনক তথ্যই প্রকাশ কৰিছে যে ম’বাইলৰ আসক্তিয়ে দেশৰ কি গভীৰ পর্যায়লৈ শিপাইছে৷ বিশেষকৈ কণমানিসকলৰ পৰা যিমানদূৰ সম্ভৱ ম’বাইল আঁতৰাই ৰখা আৰু ম’বাইলৰ স্ক্রীনিং টাইম হ্রাস কৰাৰ বাবে গুৰুত্ব দিব লাগিব পিতৃ–মাতৃ আৰু অভিভাৱকসকলে৷ কণমানিসকলে ম’বাইলত কি চাইছে অথবা কি খুঁচৰি আছে সেই বিষয়েও পৰীক্ষা কৰিব লাগিব পিতৃ–মাতৃয়ে৷ গাজিয়াবাদৰ ঘটনাটোৱে এই কথাও প্রমাণ কৰিছে যে পিতৃ–মাতৃৰ চৰম উদাসিনতাই সন্তানক কেৱল ম’বাইল আসক্ত কৰাই নহয়, তেওঁলোকৰ জীৱনো ধ্বংস কৰি দিব পাৰে৷

You might also like