নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত চোৰাং গৰু কঢ়িওৱা বাহন দুৰ্ঘটনাত পতিত

মৰিগাঁও-নগাঁও সংযোগী ৰাজ্যিক ঘাইপথৰ দাঁতিৰ দলবাৰীত আজি কাহিলিপুৱাতে এখন চোৰাং গৰু কঢ়িওৱা বাহন দুৰ্ঘটনাত পতিত হয়। প্ৰাপ্ত তথ্য মতে, এএছ-০১ ইউচি-০২২১ নম্বৰৰ এখন বাহন কেইটামান চোৰাং গৰু কঢ়িয়াই নগাঁও অভিমুখে গৈ আছিল।

পুৱা প্ৰায় ৫ মান বজাত তীব্ৰবেগী বাহনখন দলবাৰীত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই বাহনখনত উঠি অহা গৰু সৰবৰাহকাৰীকেইটাই দুৰ্ঘটনাগ্ৰস্ত বাহনখনত থকা গৰুসমূহ লৈ উধাও হৈছিল যদিও স্থানীয় ৰাইজ অৱগত হৈ পিছে পিছে খেদি গৈ গৰুকেইটা জব্দ কৰে যদিও সৰবৰাহকাৰীকেইটা পলাই সাৰিবলৈ সক্ষম হয়।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত মৰিগাওঁ আৰক্ষীৰ এটা দল উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখন জব্দ কৰে। দুৰ্ঘটনাগ্ৰস্ত বাহনখনেৰে ক’ৰ পৰা ক’লৈ চোৰাং গৰুসমূহ সৰবৰাহ কৰিছিল, সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও মৰিগাঁও চহৰৰ মাজেৰে যে চোৰাং গৰু সৰবৰাহ অনায়াসে হৈ আছে সেই কথা পুনৰ স্পষ্ট হৈ পৰিছে।

নিয়মীয়া বাৰ্তা, মৰিগাঁও, ৮ ফেব্ৰুৱাৰী :
You might also like