ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফীত কেৰালাক হৰুৱাই চেম্পিয়ন ছাৰ্ভিচেছ দল
৭৯সংখ্যক সন্তোষ ট্ৰফীৰ মূল ৰাউণ্ডৰ চূড়ান্ত খেলত ছাৰ্ভিছেচ দলে কেৰালা দলক ১-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি চেম্পিয়ন হয়। ঢকুৱাখনাৰ মাতমৰাস্থিত বিষ্টুৰাম দলে ক্রীড়া প্ৰকল্পত আজি অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত কেৰালা-ছাৰ্ভিচেছ দুয়োটা দলেই সাৱধানতাৰে আৰম্ভ কৰে আৰু নিয়মীয়া ৯০ মিনিট গ’লশূন্যভাৱে সমাপ্ত হোৱাত অতিৰিক্ত সময়ৰ ১০৯ মিনিটত শুভম ৰাণাই সোঁদিশৰ পৰা দিয়া এটা ক্ৰছক কেৰালাৰ ৰক্ষণ বিভাগে ক্লিয়াৰ কৰিবলৈ ব্যৰ্থ হোৱাত বক্সৰ মাজৰ পৰা অভিষেক পাৱাৰে ছাৰ্ভিচেছ দলৰ হৈ একমাত্ৰ তথা প্ৰতিযোগিতাৰ বিজয়ী গ’ল কৰে ।এই গ’লৰ পিছত কেৰালা দলে সমতা স্থাপন কৰাৰ চেষ্টা কৰিছিল যদিও ছাৰ্ভিচেছ দলৰ সুশৃংখলিত ৰক্ষণ বিভাগে পৰিস্থিতি চম্ভালি লয় ।
ছাৰ্ভিচেছৰ মুখ্য প্ৰশিক্ষক এমজি ৰামাচন্দ্ৰনে কয় যে কেৰালা দল প্ৰতিযোগিতাৰ অন্যতম শ্ৰেষ্ঠ দল আৰু এইখন খেল দলৰ বাবে কঠিন আছিল । সন্তোষ ট্ৰফী প্ৰতিযোগিতাত আমি পৰিকল্পনাৰে চলিছিলোঁ আৰু আজিৰ খেলতো পৰিকল্পনাৰে আহিছিলোঁ আৰু যাৰ বাবে আমি সফলতা পালোঁ ।
সৰ্বভাৰতীয় ফুটবল দলৰ কোষাধ্যক্ষ অজয় কিপাই অসম ফুটবল সন্থাক সন্তোষ ট্ৰফীৰ চূড়ান্ত ৰাউণ্ড সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে অভিনন্দন জনায়। তেওঁ কয় যে ঢকুৱাখনা আৰু চিলাপথাৰত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰি ফুটবলৰ প্ৰসাৰ কৰাৰ পদক্ষেপ সৰ্বভাৰতীয় ফুটবল প্ৰতিষ্ঠানে লৈছে। ৮ সহস্ৰাধিক ফুটবলপ্ৰেমী উপস্থিত থকা চূড়ান্ত খেলখনত মন্ত্ৰী ডা: ৰণোজ পেগু, অসম ফুটবল সন্থাৰ সভাপতি তথা স্থানীয় বিধায়ক নৱ কুমাৰ দলে, সম্পাদক ড° চাংগ্ৰাং ব্ৰহ্ম, কোষাধ্যক্ষ হীৰেন গগৈৰ লগতে অসম ফুটবল সন্থাৰ বিষয়ববীয়া উপস্থিত থাকে।
নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ৮ ফেব্ৰুৱাৰী :