নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ উত্তাল প্ৰতিবাদ

শেহতীয়াকৈ সংহত শিশু উন্নয়ন আঁচনি, চমুকৈ আইচিডিএছৰ পৰিৱৰ্তে অংগনৱাড়ী কৰ্মী-সহায়িকাসকলক পিএম পোষণ-২ত সাঙুৰি আঁচনিৰ ধন কৰ্তন কৰাত জাঙুৰ খাই উঠিছে অংগনৱাড়ী কৰ্মী-সহায়িকাসকল | আজি নগৰবেৰাত তিনি শতাধিক অংগনৱাড়ী কৰ্মী-সহায়িকাই তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে | বৃহস্পতিবাৰৰ পুৱাৰে পৰা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সন্মুখত হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক কৰ্মী-সহায়িকাই |

মাননিৰ সলনি মজুৰি প্ৰদান কৰা, মজুৰি বৃদ্ধি, শ্ৰম ক’ড বাতিল কৰা, চাকৰি নিয়মীয়াকৰণ, বৰ্তমানৰ ৮০০০ টকাৰে পৰিয়ালৰ ভৰণ-পোষণ অসম্ভৱ বুলি কৈ কামৰ বোজা অনুসৰি দৰমহা বৃদ্ধি আদি বিভিন্ন সমস্যা সমাধানৰ দাবী জনোৱা হয় এই প্ৰতিবাদৰ যোগেদি | কৰ্মী-সহায়িকাসকলৰ বিভিন্ন প্ৰতিবাদী শ্লোগানত উত্তাল হৈ পৰে নগৰবেৰাৰ পৰিৱেশ | শীঘ্ৰে দাবীসমূহ মানি ল’বলৈ চৰকাৰক দাবী জনোৱা হয় এই প্ৰতিবাদৰ যোগেদি |

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১২ ফেব্ৰুৱাৰী :
You might also like