বৰপেটাৰ আলোপতি মাজৰচৰত আজি পুৱাৰ ভাগত এক ভয়ানক মাৰপিট সংঘটিত হয়। মাৰপিটত মহিলাসহ চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ’বলগীয়া হয় |
পূৰ্বৰ এক চুৰিকাণ্ডক কেন্দ্ৰ কৰি সংঘটিত হয় এই মাৰপিট | গাঁওখনৰ পৰ্বত আলী নামৰ এজনৰ ঘৰত এমাহ মান পূৰ্বে এক চুৰিকাণ্ড সংঘটিত হৈছিল | উক্ত চুৰিকাণ্ডত প্ৰতিবেশী কাজম আলীৰ পুত্ৰ জড়িত থকা বুলি পৰ্বত আলীৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰে আৰু তাকে লৈ দুই পক্ষৰ মাজত প্ৰথমে বাকবিতণ্ডা আৰু পাছলৈ কাজম আলীৰ পৰিয়ালৰ লোকে পৰ্বত আলীৰ পৰিয়ালক চোকা অস্ত্ৰৰে আঘাত কৰে |
এই ঘটনাত পৰ্বত আলীৰ পৰিয়ালৰ চাৰিজনকৈ লোক আহত হয়। আহতসকলক ততাতৈয়াকৈ নগৰবেৰা স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও আহত আছবাহাতুন খাতুন, আস্কৰ আলী, মোজাম্মেল হক আৰু মোকচেদ আলীক চিকিৎসকে সংকটজনক অৱস্থাত জিএমচিএইচলৈ প্ৰেৰণ কৰে | এই ঘটনাত সমগ্ৰ অঞ্চলটোতে চাঞ্চল্য বিয়পে |
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৫ ফেব্ৰুৱাৰী :