দেৱাদিদেৱ মহাদেৱৰ আৰাধনাত মুখৰিত চৌদিশ। ভক্তিৰসত গদগদ হিন্দু সনাতনী লোক। আজি মহাশিৱৰাত্ৰি ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে পলাশবাৰী বিধানসভা সমষ্টিৰ বিভিন্ন ঠাইত অনুষ্ঠিত হৈছে মহাশিৱৰাত্ৰি। সমান্তৰালভাৱে পলাশবাৰীৰ ঐতিহ্যমণ্ডিত হাৰোপাৰা গাঁৱত থকা শ্ৰীশ্ৰী হিন্দাল প্ৰভু মন্দিৰতো পালন কৰা হয় মহাশিৱৰাত্ৰি।
শ শ বছৰ পুৰণি এদাল হিন্দাল গছৰ নামেৰেই প্ৰতিষ্ঠা হোৱা এই শিৱ মন্দিৰভাগত সমাগম হৈছে অগণন ভক্তৰ ৷ প্ৰতি সোমবাৰে এই মন্দিৰলৈ আগমন ঘটে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বহু ভক্তৰ ৷ বিশেষকৈ দেৱাদিদেৱ মহাদেৱৰ প্ৰিয় শাওণ মাহৰ প্ৰতিটো দিনত উখল-মাখল পৰিৱেশ বিৰাজ কৰে হিন্দাল মন্দিৰত। এই জাগ্ৰত শিৱ মন্দিৰৰ বহু অলৌকিক কাহিনী আছে ৷ উক্ত গছজোপাৰ মাজত থকা এটা খোৰোঙত ইশ্বৰৰ নাম লৈ হাত ভৰাই দিলেই মানুহে লাভ কৰিছিল ৰূপৰ মুদ্ৰা ৷ যি মুদ্ৰা এতিয়াও উক্ত মন্দিৰৰ মূল বিগ্ৰহত সযতনে ৰাখি থোৱা আছে। এনে অজস্ৰ অলৌকিক কাহিনীৰ সাক্ষী হৈ শ শ বছৰে থিয় দি আছে হিন্দাল গছজোপা ৷
মাংগলিক ৰীতি-নীতি অনুসৰি শিৱৰাত্ৰিৰ বিশেষ দিনটোত মন্দিৰ পৰিচালনা সমিতিয়ে মহাশিৱপূজা অনুষ্ঠিত কৰি আহিছে। এইবেলিও পুৱতি নিশাৰে পৰা হেজাৰ হেজাৰ লোকৰ লানি নিছিগা সোঁত বৈছে শ্ৰীশ্ৰী হিন্দাল প্ৰভু মন্দিৰলৈ ৷ পৰম্পৰা আৰু লোকবিশ্বাসৰ আধ্যাত্মিক এনাজৰীৰে বান্ধ খাই থকা মন্দিৰভাগত সেৱা কৰি দেৱাদিদেৱ মহাদেৱৰ আশিস বিচাৰিছে অসংখ্য ভক্তই।
আনহাতে, ১৩ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে পলাশবাৰীৰ দখলা পাহাৰস্থিত শ্ৰীশ্ৰীবুঢ়াগোসাঁই থানত পৰম্পৰাগতভাৱে মহাপ্রভু শিৱৰ মহাশিৱৰাত্ৰি পূজা অনুষ্ঠিত হয়। সেই অনুসৰি আজি পুৱাৰে পৰা শিৱক আৰাধনাৰ বাবে ভক্তৰ সমাগমে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। পূজাৰ কাৰ্যসূচী অনুসৰি, ১৩ ফেব্ৰুৱাৰীৰ পৰা বন্তি প্রজ্জ্বলন, ধৰ্মধ্বজা উত্তোলন, বিল্ব বৃক্ষত বন্তি প্ৰজ্বলন, বিল্ব বৃক্ষত বস্ত্ৰদান, বৃক্ষেৰোপণ, অহোৰাত্ৰি অখণ্ড শিৱ পুৰাণ পাঠ, নাম-প্ৰসংগ অনুষ্ঠিত হয়। লগতে ১০৮ গৰাকী অকুমাৰী বালিকাসহিতে ধর্মীয় শোভাযাত্রাৰে জলাৰোহণ, মহাবাহু ব্ৰহ্মপুত্ৰৰ ঘাটত ঘট বুৰণ কৰি দখলা-বিজয়নগৰ-উপৰহালী চ’ক হৈ পৰিভ্ৰমণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।
নিয়মীয়া বাৰ্তা, মিৰ্জা, ১৫ ফেব্ৰুৱাৰী :