নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত শ্ৰমিকৰ ন্যায্য মজুৰিৰ দাবীত প্ৰতিবাদেৰে পথ নিৰ্মাণ বন্ধ

জোনাইত কালোৱালা নামৰ পথ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে শ্ৰমিকৰ মাজত তীব্ৰ ক্ষোভ আৰু উত্তেজনাৰ সৃষ্টি হৈছে। নিয়মিতভাৱে প্ৰাপ্য মজুৰি আদায় নিদিয়াৰ অভিযোগ তুলি আজি পুৱাৰে পৰা তিনি শতাধিক শ্ৰমিকে সম্পূৰ্ণৰূপে কাম-কাজ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে চিলাপথাৰ কুলাজানৰ পৰা জোনাই সীমান্ত অয়ানলৈ নিৰ্মাণাধীন চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম কালোৱালা নামৰ পথ নিৰ্মাণকাৰী সংস্থাটোৱে পৰিচালনা কৰি আছে। কিন্তু বিগত প্ৰায় পাঁচ-ছয় মাহ ধৰি সংস্থাটোৱে বিভিন্ন অজুহাত দেখুৱাই শ্ৰমিকসকলৰ ন্যায্য মজুৰি সময় মতে প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে। শ্ৰমিকসকলক নিয়মীয়াকৈ মজুৰি আদায় নিদিয়াৰ বাবে বিভিন্ন সময়ত কামত নিয়োজিত শ্ৰমিকসকলে কোম্পানীটোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে যদিও কোনোধৰণৰ গুৰুত্ব নিদি ওলোটাই কামৰ পৰা অব্যাহতি দিয়াৰ হুংকাৰ প্ৰদান কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এইসকল শ্ৰমিকে।

দীৰ্ঘদিন ধৰি আৰ্থিক অনিশ্চয়তাৰ সন্মুখীন হৈ অৱশেষত ক্ষোভিত শ্ৰমিকসকলে আজি পুৱাৰ পৰা কালোৱালা সংস্থাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰি নিৰ্মাণকাৰ্য সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰে। যেতিয়ালৈকে পথ নিৰ্মাণকাৰী সংস্থাটোৱে শ্ৰমিকসকলক সম্পূৰ্ণ মজুৰি আদায় নিদিয়ে তেতিয়ালৈকে পথ নিৰ্মাণৰ কাম সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ হুংকাৰ দিছে উত্তেজিত এইসকল শ্ৰমিকে।

নিয়মীয়া বাৰ্তা, জোনাই, ১৭ ফেব্ৰুৱাৰী :
You might also like