মঙলদৈত কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত বিজেপিৰ প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া আৰম্ভ
মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি বিজেপিৰ আগন্তুক নিৰ্বাচনৰ প্ৰাৰ্থী বাছনিৰ বাবে তৃণমূল পৰ্যায়ত মতামত সংগ্ৰহ প্ৰক্ৰিয়া আৰম্ভ হৈছে। সেই অনুসাৰে আজি দৰং জিলাৰ মঙলদৈ, ছিপাঝাৰ আৰু দলগাঁও বিধানসভা সমষ্টিৰ বাবে দলীয় কৰ্মীসকলৰ মতামত গ্ৰহণ কৰে কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী সতীশ ডুবেই।
মঙলদৈস্থিত জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীত মণ্ডল সভাপতি-সম্পাদক, জিলা সভাপতি-সম্পাদক, জিলা পৰিষদৰ সভাপতি-উপসভাপতি তথা ৰাজ্যিক স্তৰৰ নেতাসকলে লিখিত ৰূপত নিজৰ মতামত দাখিল কৰে।
দলীয় সূত্ৰে জনোৱা অনুসাৰে, তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মতামতৰ ভিত্তিত প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব। এই প্ৰক্ৰিয়াই দলৰ ভিতৰত গণতান্ত্ৰিক পৰিৱেশ অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
কেন্দ্ৰীয় মন্ত্ৰী সতীশ ডুবেই কয় যে “দলৰ নিৰ্দেশ অনুসৰি আমি প্ৰতিটো সমষ্টিত তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মতামত সংগ্ৰহ কৰি আছো। সকলোৰে মতামতক সন্মান জনাই চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।”
ডিজিটেল ডেস্ক, ১৭ ফেব্ৰুৱাৰী