কংগ্ৰেছ-AIUDFৰ নিলম্বিত ৩ বিধায়কৰ অগপত যোগদানৰ কুচকাৱাজ
অসমৰ ৰাজনীতিত নতুন মোৰ। কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছিদ্দিক আহমেদ, AIUDFৰ নিলম্বিত বিধায়ক নিজামুদ্দিন চৌধুৰী আৰু ৬ বছৰে AIUDFৰ দলীয় দায়িত্বৰ পৰা আঁতৰাই ৰখা কৰিমুদ্দিন বৰভূঞাই আজি অগপ নেতৃত্বৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে।
স্থানীয় ৰাজনৈতিক মহলৰ তথ্য অনুসৰি, তিনিওজনে অগপত যোগদানৰ বিষয়ে আলোচনা কৰিছে আৰু খুব সোনকালে দলত যোগদান কৰিব বুলি ধৰা হৈছে। এই পদক্ষেপই অসমৰ ৰাজনৈতিক পৰিৱেশত নতুন উত্তেজনা আৰু চৰ্চাৰ সৃষ্টি কৰিছে।
অগপ নেতৃত্বই বৈঠকখনত দলীয় কৌশল, বিধায়কসকলৰ ভূমিকা আৰু আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰিছিল। এই যোগদানৰ পাছত অগপৰ ৰাজনৈতিক শক্তি বৃদ্ধি হব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে।
বৈঠক অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত উপস্থিত থাকে।
ডিজিটেল ডেস্ক, ১৭ ফেব্ৰুৱাৰী