ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা : ১০ ৰাজ্যৰ ৩৭ আসনত ১৬ মাৰ্চত ভোটগ্ৰহণ
ভাৰতৰ নিৰ্বাচন আয়োগে ৰাজ্যসভাৰ বাবে নিৰ্বাচনৰ সূচী ঘোষণা কৰিছে। এই নিৰ্বাচনসমূহ অনুষ্ঠিত কৰা হৈছে সেই সদস্যসকলৰ ঠাই পূৰণ কৰিবলৈ, যিসকলৰ কাৰ্যকাল এপ্ৰিল ২০২৬ত সমাপ্ত হ’ব। মুঠ ১০খন ৰাজ্যৰ ৩৭খন আসনত নিৰ্বাচন অনুষ্ঠিত হ’ব।
নিৰ্বাচন আয়োগে জাৰি কৰা সূচী অনুসৰি ২৬ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে অধিসূচনা জাৰি কৰা হ’ব। মনোনয়ন দাখিল, পুনৰীক্ষণ আৰু মনোনয়ন প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পন্ন কৰা হ’ব। এই সকলো আসনৰ বাবে ১৬ মাৰ্চ ২০২৬ তাৰিখে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ভোটগ্ৰহণ আৰু গণনা একেদিনাই, অৰ্থাৎ ১৬ মাৰ্চত অনুষ্ঠিত হ’ব।
এই নিৰ্বাচন মহাৰাষ্ট্ৰ, তামিলনাডু, পশ্চিমবংগ, বিহাৰ, ওড়িশা, অসম, ছত্তিশগড়, হাৰিয়ানা, তেলেঙ্গানা আৰু হিমাচল প্ৰদেশৰ আসনসমূহৰ বাবে অনুষ্ঠিত কৰা হ’ব। ৰাজনৈতিক দলসমূহে ইতিমধ্যে নিজৰ প্ৰাৰ্থী নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু ৰাজ্যসমূহত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে।
নিৰ্বাচনী সূচীঃ
- ২৬ ফেব্ৰুৱাৰী ২০২৬ : অধিসূচনা জাৰি
- ৫ মাৰ্চ ২০২৬ : মনোনয়ন দাখিলৰ অন্তিম তাৰিখ
- ৬ মাৰ্চ ২০২৬ : মনোনয়ন পত্ৰ পুনৰীক্ষণ
- ৯ মাৰ্চ ২০২৬ : মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ
- ১৬ মাৰ্চ ২০২৬ (পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈ) : ভোটগ্ৰহণ
- ১৬ মাৰ্চ ২০২৬ (আবেলি ৫ বজাৰ পৰা) : ভোটগণনা আৰম্ভ
-
২০ মাৰ্চ ২০২৬ৰ ভিতৰত : নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব।
উল্লেখ্য যে অসমৰ পৰা ৰাজ্যসভাক প্ৰতিনিধিত্ব কৰা তিনি সাংসদ ক্ৰমে ৰামেশ্বৰ তেলী, ভুৱনেশ্বৰ কলিতা আৰু অজিত কুমাৰ ভূঞাৰ কাৰ্যকাল সমাপ্ত হব। ইয়াৰ লগে লগে আগন্তুক নিৰ্বাচনৰ বাবে প্ৰাৰ্থী নিৰ্বাচনৰ বাবে হেতা-ওপৰা লাগিব বিজেপিত। কিয়নো এইবাৰ কংগ্ৰেছ বা বিৰোধীয়ে সম্ভৱত এখনো আসনৰ বাবে ৰাজ্যসভাৰ প্ৰাৰ্থী দিব নোৱাৰিব সংখ্যাৰ ফালৰ পৰা।
ডিজিটেল ডেস্ক, ১৮ ফেব্ৰুৱাৰী