নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ংকৰ অঘটন : নিৰ্মীয়মাণ পকী দলং ভাঙি আহত চাৰি শ্ৰমিক

  • লাহৰীঘাটত ভংয়কৰ অঘটন।
  • মেৰামতিৰ কাম চলি থকা পকী দলং ভাঙি আহতত চাৰি গৰাকীকৈ শ্ৰমিক।
  • লাহৰীঘাট লালি বিলৰ ওপৰত থকা পকী দলঙৰ মেৰামতিৰ কাম কৰি থকা অৱস্থাত দলঙৰ এটা অংশ ভাঙি গুৰুতৰভাৱে আহত হৈছে চাৰি গৰাকীকৈ শ্ৰমিক।
  • এই ঘটনাটো সংঘটিত হয় লাহৰীঘাট মৰিগাঁও সংযোগী গড়কাপ্তানী পথৰ লালি বিলৰ ওপৰত থকা পকী দলংখনত।
  • আহত শ্ৰমিক কেইগৰাকীক ততাতৈয়াকৈ লাহৰীঘাট আদৰ্শ চিকিৎসালয়ত লৈ যোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে আটাইকেইগৰাকী শ্ৰমিকক নগাঁৱলৈ প্ৰেৰণ কৰে।
  • আহত শ্ৰমিক কেইগৰাকী হ’ল গোলজাৰ হুছেইন ,মুস্তফা আহমেদ ,ইনামুল হক আৰু
    ফাৰুক আহমেদ।
  • উল্লেখ্য যে, ঠিকাদাৰৰ ময়মতালিৰ বাবেই এনে দুৰ্ঘটনা সংঘটিত হয় বুলি স্থানীয় ৰাইজৰ অভিযোগ।

ডিজিটেল ডেস্ক, ১৮ ফেব্ৰুৱাৰী

You might also like