বিশ্বকাপৰ ছুপাৰ–৮ত টীম ইণ্ডিয়াৰ প্ৰতিদ্বন্দ্বী ৱেষ্ট ইণ্ডিজ–দঃ আফ্রিকা–জিম্বাব’ৱে
চূড়ান্ত হ’ল চলিত টি–২০ বিশ্বকাপৰ ছুপাৰ–৮ৰ এটা গ্রুপ৷ অর্থাৎ এক্স গ্রুপটো এই গ্রুপটোত আছে ডিফেণ্ডিং চেম্পিয়ন টীম ইণ্ডিয়া৷ অর্থাৎ কোনটো দলে কাৰ লগত খেলিব সেয়া চূড়ান্ত হৈছে৷
ডিফেণ্ডিং চেম্পিয়ন টীম ইণ্ডিয়াৰ উপৰি এক্স গ্রুপত আছে ৱেষ্ট ইণ্ডিজ, দক্ষিণ আফ্রিকা আৰু জিম্বাব’ৱে৷ চলিত বিশ্বকাপৰ ছুপাৰ–৮ত প্রৱেশ কৰা দলসমূহক এক্স আৰু ৱাই গ্রুপত ভাগ কৰা হৈছে৷
প্রতিটো গ্রুপৰ পৰা নকআউট পর্যায়ত প্রৱেশ কৰা দল দুটাক পৃথক পৃথক গ্রুপত স্থান দিয়া হৈছে৷ গ্রুপ পর্যায়ত যি স্থানত শেষ নহওক কিয় তেওঁলোকে নির্দিষ্ট স্থানত নকআউট পর্যায়ত খেলিব৷
উদাহৰণস্বৰূপে ভাৰতে গ্রুপত শীর্ষস্থান বা দ্বিতীয় স্থান লাভ কৰক, গ্রুপ এক্স (এক্স–১)ৰ প্রথম দল হ’ব৷ এই গ্রুপৰ বাকী তিনিটা দল হ’ল অষ্ট্রেলিয়া (এক্স– ২), ৱেষ্ট ইণ্ডিজ (এক্স–৩) আৰু দক্ষিণ আফ্রিকা (এক্স–৪)৷ ইয়াৰ ভিতৰত ভাৰত, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্রিকাৰ ছুপাৰ–৮ৰ স্থান নিশ্চিত হৈছিল৷ এইবাৰ তালিকাত সংযোজন হ’ল জিম্বাব’ৱেৰ নাম৷
একেদৰে গ্রুপ ৱাইৰ ৪টা দল হ’ল ইংলেণ্ড (ৱাই–১), নিউজিলেণ্ড (ৱাই–২), পাকিস্তান (ৱাই–৩) আৰু শ্রীলংকা (ৱাই–৪)৷ এই গ্রুপৰ ৩টা দল ক্রমে ইংলেণ্ড, নিউজিলেণ্ড আৰু শ্রীলংকাই ছুপাৰ–৮লৈ উন্নীত হৈছে৷ বাকী আছে মাত্র এটা দল৷
ছুপাৰ–৮ত ভাৰতে ২২ ফেব্রুৱাৰীত আহমেদাবাদত দক্ষিণ আফ্রিকা, ২৬ ফেব্রুৱাৰীত চেন্নাইত জিম্বাব’ৱে আৰু ১ মার্চত ইডেন গার্ডেনত ৱেষ্ট ইণ্ডিজৰ মুখামুখি হ’ব৷ প্রতিখন মেচ সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ’ব৷
ডিজিটেল ডেস্ক, ১৮ ফেব্ৰুৱাৰী