নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭৪ বছৰীয়া ইতিহাসত প্ৰথম : এটা পৰ্যায়ত অসমত বিধানসভা নিৰ্বাচন!

অসমৰ ৭৪ বছৰীয়া নিৰ্বাচনী ইতিহাসত প্ৰথমবাৰৰ বাবে এটা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ৩ এপ্ৰিলৰ পৰা ৭ এপ্ৰিলৰ ভিতৰত কোনোবা এটা দিনত ১২৬ আসন বিশিষ্ট ষোড়শ বিধানসভাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হব পাৰে বুলি নিৰ্বচন আয়োগৰ এক শীৰ্ষ সূত্ৰত প্ৰকাশ পাইছে।

সেই মৰ্মে মাৰ্চৰ ৪ তাৰিখৰ পৰা ৮ তাৰিখৰ ভিতৰত আয়োগে অসমকে ধৰি আন চাৰিখন ৰাজ্যৰ নিৰ্বাচনী দিন-ক্ষণ ঘোষণা কৰিব পাৰে। উল্লেখ্য যে এই মুহূৰ্তত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত আয়োগৰ সম্পূৰ্ণ দলে অসম ভ্ৰমণ কৰি ৰাজনৈতিক দলসমূহৰ লগতে আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে নিৰ্বাচনী সূচীক লৈ আলোচনা-বিলোচনা কৰি আছে।

জানিব পৰা মতে, ৰাজনৈতিক দলসমূহে অসমত এটা কিম্বা দুটা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হওক বুলি আয়োগক আৰ্জি জনাইছে। উল্লেখ্য যে ২০২১ চনৰ বিধানসভা নিৰ্বাচন তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈছিল। ইয়াৰ পূৰ্বে ২০১৬ আৰু ২০১১ চনৰ নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল।

উল্লেখ্য যে অবিভক্ত অসমত ১৯৫২ চনৰ সৰ্বপ্ৰথম বিধানসভা নিৰ্বাচন ৫ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈকে পাঁচটা পৰ্যায়ত অনুষ্ঠিত হৈছিল। সেই সময়ত ভৌগোলিক প্ৰত্যাহ্বানৰ বাবেই একাধিক পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা বুলি সূত্ৰটোয়ে জানিবলৈ দিয়ে।

আনহাতে ৮০ আৰু ৯০ৰ দশকতো ৰাজৈনতিক অস্থিৰতা তথা উগ্ৰপন্থী গতিবিধিৰ বাবেও একাধিক পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল। উল্লেখ্য যে বৰ্তমানৰ পঞ্চদশ বিধানসভাৰ ম্যাদ ২০ মেত উকলিব।

উল্লেখ্য যে এপ্ৰিলৰ প্ৰথম সপ্তাহত নিৰ্বাচনী কাৰ্যসূচী ঘোষণা কৰা মাত্ৰে অসমকে ধৰি আন চাৰিখন ৰাজ্য ক্ৰমে পশ্চিমবংগ, কেৰেলা, তামিলনাডু আৰু পুডুচেৰীত নিৰ্বাচনী আচৰণবিধি বলৱৎ হব।

বিশেষ বাৰ্তা, নতুন দিল্লী, ১৮ ফেব্ৰুৱাৰী

You might also like