নিউজ ডেস্ক, ১৯ ফেব্রুৱাৰী : এইবাৰ আমূল পৰিৱর্তন হ’ব আধাৰ কার্ডৰ৷ নতুন আধাৰ এপ প্রৱর্তনৰ পিছতে UIDAI-এ এইবাৰ আধাৰ কার্ডৰ সালসলনি কৰাৰ কথা চিন্তা কৰিছে৷ জানিব পৰা মতে, নতুনকৈ প্রৱর্তন কৰিবলগীয়া আধাৰ কার্ডত নাম, ঠিকনা, জন্ম তাৰিখ আৰু ১২ সংখ্যাৰ আধাৰ নম্বৰসহ সকলো ব্যক্তিগত তথ্য এৰুৱাই পেলোৱা হ’ব৷ লগতে আধাৰ কার্ডৰ ছবিখনেই হ’ব ব্যক্তিগৰাকীৰ পৰিচয়–পত্র হিচাপে মূল নথি৷
UIDAIৰ সূত্রৰ খবৰ মতে, আধাৰ কার্ডৰ নতুন ডিজাইনত নাগৰিকৰ নাম, ঠিকনা, ব্যক্তিগত তথ্য নাথাকিব৷ থাকিব কেৱল ছবি আৰু এটা কিউ আৰ কোড৷ এই কিউ আৰ কোডতেই লুকাই থাকিব নাগৰিকৰ যাৱতীয় তথ্য৷ কিউ আৰ কোডটো স্কেন কৰাৰ বাবে এইবাৰ ব্যৱহাৰ কৰিব লাগিব নতুন আধাৰ এপ৷ ইতিমধ্যে নতুন mAdhar এপ প্রৱর্তন কৰিছে কেন্দ্রীয় চৰকাৰে৷ এই এপত কিউ আৰ কোডটো স্কেন কৰিলে নাগৰিকৰ তথ্য পোৱা যাব৷ নতুন ধৰণৰ আধাৰ কার্ডত বহু বেছি আধুনিকতাৰ বৈশিষ্ট্য থাকিব৷
UIDAIয়ে প্রকাশ কৰা মতে, আধাৰ কার্ডৰ মাধ্যমত অফলাইন ভেৰিফিকেচন বা তথ্য চুৰি ৰোধ কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে৷ বহুক্ষেত্রত দেখা যায় যে হোটেল, ইভেণ্ট অর্গেনাইজাৰ বা সংস্থাই আধাৰ কার্ডৰ তথ্য সংগ্রহ কৰে৷ সেই তথ্যৰ কোনো নিৰাপত্তা নাথাকে৷ অথচ আধাৰ আইন অনুযায়ী অফলাইনত পৰিচয়–পত্র হিচাপে এনেদৰে আধাৰ কার্ডৰ তথ্য সংগ্রহ কৰিব পৰা নাযায়৷ আধাৰ কার্ড বা তাৰ প্রতিলিপি জমা ৰাখিবও নোৱাৰি৷ আধাৰৰ তথ্য চুৰি ৰোধ কৰিবলৈ এই চিন্তা–চর্চা৷ তদুপৰি বর্তমানৰ চলিত ডিজাইনৰ আধাৰৰ তথ্য অনায়াসে পোৱা যায়৷ তাৰ ফলত সেই তথ্যৰ অপব্যৱহাৰৰ আশংকাও বহু বেছি থাকে৷ যাৰ ফলত আর্থিক প্রতাৰণা আনকি ভুৱা নথি তৈয়াৰ আৰু বিভিন্ন ধৰণৰ ফৌজদাৰী প্রৱণতা বৃদ্ধি পাইছে৷ ছিম কার্ড জালিয়াতি, অনুমোদিত ঋণ গ্রহণ তথা AePSৰ মাধ্যমত অবৈধ টকা সংগ্রহ কৰা আদি ৰোধ কৰাত আধাৰৰ এই নতুন পদ্ধতিয়ে সহায় কৰিব৷ ভেৰিফিকেচনৰ বাবে আধাৰ এপত ৰেজিষ্ট্রেচন বাধ্যতামূলক৷