নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম লোকসেৱা আয়োগৰ ফলাফলত উজলিল নগাঁৱৰ ময়ূৰী শইকীয়া

“অসম চৰকাৰে অসমৰ শৈক্ষিক সমাজখনলৈ যথেষ্ট অৱদান আগবঢ়াইছে ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ছাৰৰ সবল নেতৃত্বত এপিএছচিৰ দৰে এটা পৰীক্ষাত নিকা নিযুক্তিৰে যুৱপ্ৰজন্মৰ মাজলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ৷ যুৱ সমাজৰ মাজত যথেষ্ট জনপ্ৰিয়তা আছে আৰু মুখ্যমন্ত্ৰী ছাৰে যুৱ সমাজৰ উত্তৰণৰ বাবে যথেষ্ট অৱদান আগবঢ়াইছে ৷”- অসম লোকসেৱা আয়োগে ঘোষণা কৰা ফলাফল সন্দৰ্ভত এইদৰে মত ব্যক্ত কৰে আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ নগাঁও জিলাৰ জলাহগাঁৱৰ ময়ূৰী শইকীয়াই ৷

কৃষক পৰিয়ালৰ সন্তান ময়ূৰীৰ এই কৃতকাৰ্যতাত একপ্ৰকাৰ সৃষ্টি হৈছে আনন্দোৎল্লাসৰ ৷ গাঁওখনৰ নিবাসী সুনীল শইকীয়া আৰু কুমকুম শইকীয়াৰ একমাত্ৰ সন্তান ময়ূৰী শইকীয়াই আয়োগৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ অসামৰিক সেৱাৰ ৩৪নং স্থানপ্ৰাপ্তিৰে বিত্ত বিভাগৰ সেৱাত বাছনিভুক্ত হৈ গাঁওখনৰ লগতে সমগ্ৰ অঞ্চল তথা জিলাখনলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে ৷

উল্লেখ্য যে সৰুৰে পৰাই মেধাসম্পন্ন ময়ূৰীয়ে বিভিন্ন অনুষ্ঠানত ভিন্ন বিষয়ত বক্তৃতা প্ৰদান কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰি শ্ৰোতা-দৰ্শকৰ আদৰ-আশীৰ্বাদ লভিবলৈ সক্ষম হৈছিল ৷ নগাঁও কলেজ (বৰ্তমান বিশ্ববিদ্যালয়)ৰ পৰা ইংৰাজীত স্নাতক ডিগ্ৰী লাভ কৰা ময়ূৰীয়ে শেহতীয়াকৈ প্ৰদৰ্শন কৰা সাফল্যই নিজৰ ওপজা ভূমি জলাহ গাঁওখনক গৌৰৱান্বিত কৰি তুলিছে ৷ তেওঁৰ এই সফলতাত অঞ্চলটোৰ শিক্ষাব্ৰতী সমাজে গভীৰ সুখ প্ৰকাশ কৰাৰ লগতে শুভানুধ্যায়ীসকলে ময়ূৰীৰ ঘৰত উপস্থিত হৈ শুভেচ্ছাৰে উপচাই পেলায়।

মন কৰিবলগীয়া যে এটা দুখীয়া কৃষক পৰিয়ালৰ একমাত্ৰ কন্যা যদিও ময়ূৰীয়ে এক প্ৰশ্নোত্তৰত লক্ষ্য দৃঢ় হ’লে যিকোনো পৰিস্থিতিতে স্থান লাভ কৰিবলৈ সক্ষম হয় বুলি মন্তব্য কৰে ৷ ঘৰৰ উপাৰ্জনৰ একমাত্ৰ সম্বল কৃষি যদিও মাক-দেউতাকৰ প্ৰেৰণাতেই তেওঁ আগবাঢ়িবলৈ যত্ন কৰিছে বুলি মত প্ৰকাশ কৰি তেওঁক পিতৃ-মাতৃয়ে কোনো কাৰণতেই অসুবিধাৰ সন্মুখীন হ’বলৈ দিয়া নাই বুলিও উল্লেখ কৰে ৷

নিয়মীয়া বাৰ্তা, বেবেজীয়া, ২০ ফেব্ৰুৱাৰী :

You might also like