নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সপ্তাহৰ শেষৰ ফালে ইৰান আক্রমণ কৰিব পাৰে আমেৰিকাই !

নিউজ ডেস্ক, ২০ ফেব্রুৱাৰী : চলিত সপ্তাহৰ শেষৰফালে ইৰান আক্রমণ কৰিবলৈ ‘প্রস্তুত’ মার্কিন সেনা৷ এনে এটি দাবী কৰিছে আমেৰিকাৰ সংবাদ মাধ্যমে৷ তেওঁলোকৰ প্রতিবেদনত এই কথাও কোৱা হৈছে যে ইৰানৰ সৈতে আমেৰিকাই মুখামুখি সামৰিক সংঘাতলৈ যাব নে নাই, তাকে লৈ এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাই মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷

আনহাতে সম্ভাব্য মার্কিন আক্রমণৰ কথা ভাবিয়েই দেশৰ পাৰমাণৱিক কেন্দ্রসমূহক সুৰক্ষিত কৰিছে তেহৰানে ৷ মার্কিন সংস্থা ‘ইনষ্টিটিউ ফৰ ছায়েন্স এণ্ড ইণ্টাৰনেচনেল ছিকিউৰিটী’-এ উপগ্রহ চিত্র বিশ্লেষণ কৰি দাবী কৰিছে যে গুৰুত্বপূর্ণ পাৰমাণৱিক কেন্দ্রসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে তেহৰানে৷ বাংকাৰেদি ঢাকি দিয়া হৈছে সেইবোৰ৷ মার্কিন সংস্থাটোৰ তৰফৰ পৰা দাবী কৰা হৈছে যে ইৰানৰ পার্চিন সামৰিক ঘাতি সংলগ্ন নিউ তালেঘান–২ পাৰমাণৱিক কেন্দ্রটিক ততাতৈয়াকৈ মাটিৰ তলত সুমুৱাই পেলোৱা হৈছে৷ ফেব্রুৱাৰীৰ দ্বিতীয় সপ্তাহৰ উপগ্রহ চিত্র দেখি মার্কিন সংস্থাটোৰ দাবী যে ইৰানৰ আৰু দুটা পাৰমণৱিক কেন্দ্র ক্রমে নাটানজ আৰু ইছফাহানলৈ সুমুৱা সুৰংগ পথ শিল আৰু কংক্রিটেৰে বন্ধ কৰি দিয়া হৈছে৷

আমেৰিকাৰ প্রতিৰক্ষা বিভাগৰ মুখ্য কার্যালয় পেণ্টাগনৰ এটি সূত্রৰ উদ্ধৃতি দি সংবাদ মাধ্যমে জনোৱা মতে, সপ্তাহটোৰ শেষৰ ফালে ইৰানত আক্রমণ কৰাৰ বাবে মার্কিন সেনা প্রস্তুত থাকিলেও এই বিষয়ে এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাই ট্রাম্পে৷ যোৱা কিছুদিন ধৰি পশ্চিম এছিয়াত সামৰিক কার্যকলাপ বৃদ্ধি কৰিছে ট্রাম্প প্রশাসনে৷ এই অঞ্চলটোত ৫০ৰো অধিক যুদ্ধ বিমান মোতায়েন কৰিছে মার্কিন সামৰিক বাহিনীয়ে৷

You might also like