তৈলনগৰী দুলীয়াজানত ক্ৰমবৰ্ধিত ড্ৰাগছৰ অবাধ বেহাৰ বিৰুদ্ধে দুলীয়াজান আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। গোপন সূত্ৰৰ যোগেদি লাভ কৰা খবৰৰ ভিত্তিত দুলীয়াজান আৰক্ষীয়ে আজি নিচেই পুৱা ডিৰিয়াল চাহ বাগিচা অঞ্চলত অভিযান চলাই বুজন পৰিমাণৰ ব্ৰাউন ছুগাৰসহ বিৰ্জু গড় (৩০) নামৰ ড্ৰাগছ সৰবৰাহত জড়িত যুৱকজনক আটক কৰে ।
নিজ গৃহতে লুকাই থকা অৱস্থাত আটক কৰা যুৱকজনৰ পৰা অভিযানকাৰী আৰক্ষীয়ে ১৩.৫ গ্ৰাম ব্ৰাউন ছুগাৰসহ ১১টা ড্ৰাগছভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে ধৃত অভিযুক্তক ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ অপৰাধত আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।
নিয়মীয়া বাৰ্তা, দুলীয়াজান, ২০ ফেব্ৰুৱাৰী :