মঙলদৈ চহৰৰ ২নং ৱাৰ্ডৰ এটা পৰিয়ালৰ ৪ সদস্য ভাত খোৱাৰ পাছতে সংজ্ঞাহীন হৈ পৰাৰ পাছতে ঘৰত কাম কৰা মহিলাৰ আত্মগোপনে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে সংজ্ঞাহীন ছিৰাজুল হকৰ লগতে তেওঁৰ পুত্ৰ হামিদুৰ হক, ইমৰান খান আৰু পত্নী হামিদা বেগমক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে।
সমগ্ৰ ঘটনা সন্দৰ্ভত ছিৰাজুল হকৰ প্ৰতিৱেশী ৰাণা আলমে সদৰী কৰে যে কালি দিনত ভাত খাই ছিৰাজুল হকসহ চাৰিওগৰাকী বিছনাত শুই পৰে। পাছলৈ হকৰ ঘৰলৈ ফুৰিবলৈ অহা লোকে বিষয়টো অৱগত হৈ চুবুৰীয়াক সদৰী কৰে। লগে লগে নিশা সকলোকে মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু মঙলদৈত বিশেষ সঁহাৰি নোপোৱাত উন্নত চিকিৎসাৰ প্ৰয়োজন অনুভৱ কৰি জিএমচিএইচলৈ প্ৰেৰণ কৰা হয়।
আশ্চৰ্যজনক এয়ে যে হকৰ ঘৰত প্ৰায় এমাহ পূৰ্বে এগৰাকী মহিলাই কাম-বন কৰাকৈ যোগদান কৰিছিল যদিও কালিৰ ঘটনাৰ পাছতে পলায়ন কৰে। যাৰ বাবে উক্ত মহিলাগৰাকীয়েই খাদ্যত নিচাজাতীয় সামগ্ৰী মিহলোৱাৰ আশংকা কৰা হৈছে। ছিৰাজুল হক সুস্থ হৈ ঘৰলৈ আহিলেহে আৰক্ষীক গোচৰ তৰাৰ সম্ভাৱনা আছে।