নিউজ ডেস্ক, ২১ ফেব্রুৱাৰী : সভ্যতাৰ অগ্রগতিৰ লগে লগে মানুহৰ সমাজখন জটিল হৈ পৰা বুলি সততে অভিযোগ শুনা যায়৷ কিন্তু তাৰ মাজতো যে মহানুভৱতাৰ বা সততাৰ অপমৃত্যু এতিয়াও ঘটা নাই তাক প্রমাণ কৰিছে হাৰিয়ানাৰ ফৰিদাবাদত ঘটা এটা ঘটনাই৷
আমি সকলোৱে ঘৰৰ ভিতৰত আৱর্জনা হৈ পৰা কিছুমান সামগ্রী বেপাৰীক বিক্রী কৰি দিওঁ৷ তেনেদৰেই অলাগতিয়াল সামগ্রী বিক্রী কৰিবলৈ যাওঁতে তেনে সামগ্রীৰ লগতে গহনাভর্তি বাকচ এটা বিক্রী কৰি দিয়ে এগৰাকী প্রৌঢ়ই৷ কিন্তু ১৫ লাখ টকা মূল্যৰ এই সোণৰ অলংকাৰ কোনো হানি–বিঘিনি নোহোৱাকৈ পুনৰ নিজৰ হাতলৈ উভতি আহে একমাত্র এই সততাৰ বলত৷ ভঙা–ছিঙা সামগ্রী কিনি বেপাৰ কৰা লোকজনৰ সততা দেখি স্তম্ভিত হৈ যায় পৰিয়ালটো৷
জানিব পৰা মতে গৃহস্থৰ নাম অশোক শর্মা৷ যোৱা বছৰৰ জানুৱাৰী মাহত তেওঁ প্রয়াগৰাজলৈ ফুৰিবলৈ গৈছিল৷ কোনো নথকা ঘৰখনত চুৰি হ’ব পাৰে বুলি আশংকা কৰি সোণৰ গহনাভর্তি এটা বাকচ ঘৰৰে পেলনীয়া সামগ্রীৰ সৈতে বস্তাত ভৰাই ৰাখিছিল তেওঁ৷ বস্তাটো ভৰি অহাত পিছলৈ সেই সামগ্রীসমূহ বিক্রী কৰি দিয়াৰ সিদ্ধান্ত লয় তেওঁ৷ ভঙা–ছিঙা বস্তু কিনি লৈ বেপাৰ কৰা মানুহ এজনক ৰাস্তাৰ পৰা মাতি আনি সেইবোৰ বিক্রী কৰি দিয়ে৷ বেপাৰীজনে জনোৱা মতে, তেওঁ ঘৰলৈ আহি বস্তাবোৰ খুলি চাওঁতে চকুত পৰে এটি সৰু বাকচ৷ বাকচটো খুলি চাই স্তম্ভিত হৈ পৰে তেওঁ৷ দেখে বাকচৰ ভিতৰত সোণৰ গহনা৷ পলম নকৰি তেওঁ অশোকৰ ঘৰত উপস্থিত হয়৷ নিজ হাতে গহনাৰ বাকচটো অশোকৰ হাতত তুলি দিয়ে তেওঁ৷ বাকচটো খুলি অশোকে দেখে যিমানখিনি সোণ বাকচটোত আছিল তাৰ অকণো হৰণ–ভগন হোৱা নাই৷ সৎ বেপাৰীজনৰ নাম হাজী আখতাৰ খান৷