বাংলাদেশত পুনৰ ভিছা সেৱা আৰম্ভ কৰিব ভাৰতে
নিউজ ডেস্ক, ২১ ফেব্রুৱাৰী : ২০২৪ বর্ষত বাংলাদেশত সংঘটিত অভ্যুত্থানৰ পিছতে শ্বেখ হাছিনাই প্রধানমন্ত্রিত্বৰ পৰা পদত্যাগ কৰি ভাৰতৰ শৰণ লোৱাৰ পিছত যোৱা ১৭ মাহে ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পর্ক অস্থিৰ হৈ পৰে ৷ কিন্তু বাংলাদেশৰ সদ্যসমাপ্ত নির্বাচনী ফলাফল অনুযায়ী বিএনপি দলৰ নেতা তাৰিক ৰহমান দেশখনৰ প্রধানমন্ত্রী হোৱাৰ পিছত দুয়োখন দেশৰ মাজৰ এই সমীকৰণ বহুখিনি সলনি হ’ব বুলি আশা প্রকাশ কৰিছে দুয়োখন দেশৰ সাধাৰণ নাগৰিকে৷ এনে পৰিস্থিতিতে পুনৰ বাংলাদেশত সকলো ধৰণৰ ভিছা সেৱা আৰম্ভ কৰিবলৈ ওলাইছে ভাৰতে৷ আনকি তাৰ বাবে প্রস্তুতিও আৰম্ভ হৈ গৈছে বুলি জনালে বাংলাদেশত নিযুক্ত কনছুলাৰে৷
বাংলাদেশী সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুযায়ী ভাৰতে শীঘ্রেই বাংলাদেশৰ বাবে সকলো ধৰণৰ ভিছা সেৱা আৰম্ভ কৰিব৷ হাছিনা চৰকাৰৰ পতন আৰু বাংলাদেশত সৃষ্টি হোৱা অশান্তিৰ কাৰণে মেডিকেল আৰু ডাবল এন্ট্ৰীৰ বাহিৰে আন সকলো ভিছা সেৱা বন্ধ কৰি দিছিল ভাৰতে৷ চিলেটত থকা ভাৰতৰ কনছুলাৰ অনিৰুদ্ধ দাসে জনায় যে পর্যটকসহ সকলো ধৰণৰ ভিছা পুনৰ আৰম্ভ কৰাৰ বিষয়ে পদক্ষেপ গ্রহণ কৰা হৈছে৷ ভিছা প্রদানৰ মাধ্যমেৰে ভাৰত আৰু বাংলাদেশৰ দ্বি–পাক্ষিক সম্পর্ক আৰু মজবুত হৈ উঠিব বুলি জনায় অনিৰুদ্ধ দাসে৷ তেওঁৰ ভাষাত ‘দুয়ো দেশৰ সম্পর্ক পাৰস্পৰিক শ্রদ্ধা আৰু মর্যাদাৰ ওপৰত প্রতিষ্ঠিত৷’
হাছিনাই বাংলাদেশ এৰাৰ পিছত বাংলাদেশত থকা সকলো ইণ্ডিয়ান ভিছা এপ্লিকেচন চেণ্টাৰ বা ভিছা প্রদানকাৰী কেন্দ্র বন্ধ কৰি দিছিল ভাৰতে৷ পৰৱর্তী সময়ত পর্যায়ক্রমে পৰিসেৱা আৰম্ভ হ’লেও সকলো ধৰণৰ ভিছা দিয়া হোৱা নাছিল৷ বাংলাদেশৰ ছাত্র নেতা ওছমান হাদিৰ মৃত্যুৰ পিছৰে পৰাই বাংলাদেশত নতুনকৈ অশান্তিৰ সৃষ্টি হয়৷ যোৱা বছৰৰ শেষৰফালে সেই অশান্তিৰ কাৰণে বাংলাদেশত থকা বিভিন্ন ভিছা কেন্দ্র বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লয় নতুন দিল্লীয়ে৷