দুলীয়াজান উত্তৰণ কবি চক্ৰৰ চলিত মাহৰ মাহেকীয়া চ’ৰাখনি শুকুৰবাৰে বিয়লি দুলীয়াজান বৰদলৈ ভৱনত অনুষ্ঠিত হৈ যায়। উত্তৰণ কবিচক্ৰৰ সভাপতি জুবিলী গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত সঞ্চালকৰ আসন অলংকৃত কৰে ডিব্ৰুগড়ৰ বিশিষ্ট কবি তথা সুলেখক ৰুদ্ৰ গগৈয়ে। সম্পাদক মীৰা দত্তই উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা অনুষ্ঠানটিত দুকুৰিৰো অধিক কবিয়ে স্বৰচিত কবিতা পাঠ কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।
অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট কবি ৰফিকুল হোছেইনৰ স্মৃতিত এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয়। কণমানি আয়ুষ্মান গগৈয়ে পৰিৱেশন কৰা এটি গীতেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয় । ইয়াৰ পাছতে অনুষ্ঠিত কবিতা পাঠৰ মাজতে কবিচক্ৰৰ সদস্য সত্যৰঞ্জন চুতীয়াই এটি গীত পৰিৱেশন কৰে। অনুষ্ঠানটিত দুলীয়াজান সাহিত্য সভাৰ সভাপতি ড° অজিত শইকীয়া, দুলীয়াজান সাহিত্য সভা আৰু উত্তৰণ কবিচক্ৰৰ প্ৰাক্তন সভাপতি ৰঞ্জন মহন্ত আৰু বিনোদ বৰা, উত্তৰণ কবিচক্ৰৰ উপদেষ্টা ৰীতা দত্ত, অনু শইকীয়া, মৃণালী ভূঞা বৰদলৈ আৰু লেখিকা সংস্থাৰ সভানেত্ৰী মিতালী মহন্তই অনুষ্ঠানত উপস্থিত থাকি সকলোকে উৎসাহিত কৰে।
ডিব্ৰুগড়ৰ বিশিষ্ট কবি উজ্জল চক্ৰৱৰ্তী প্ৰমুখ্যে দুলীয়াজানৰ জীৱ গগৈ, অঞ্জনা দত্ত নেওগ, বিজয়া বৰুৱা, হেম শইকীয়া, সমুদ্ৰ গগৈ, শশীন্দ্ৰ শৰ্মা, মনোজ দত্ত, নলিনী মজুমদাৰ, বিবি বৰা, দীপিকা শইকীয়া, ভানু মজুমদাৰ, ৰূপালী হাজৰিকা, দীপালী তামুলী, সুবৰ্ণ গগৈ, স্বপ্না দেৱী নাথ, সবিতা দত্ত, পৰিণীতা ৰাজকোঁৱৰ, শেৱািল বৰা, ৰীণা গগৈ, স্বৰ্ণলতা শইকীয়া, ৰীণা হোছেইন মজুমদাৰ, গায়ত্ৰী বকতিয়াল, মামণি মাউত, সংগীতা বৰদলৈ, ছায়ামণি দত্ত, ৰাণু বৰুৱা গগৈ, অঞ্জুমণি মহন্ত, প্ৰণীতা হাতীমূৰীয়া, বেবী গোস্বামী গগৈ, লক্ষিমী নেওগ, অৰ্পণা দত্তৰ লগতে বহুকেইগৰাকী কবিয়ে কবিতা পাঠ কৰে। কাব্য অনুষ্ঠানটিৰ শেষত মীৰা দত্তই শলাগ জ্ঞাপন কৰাৰ পিছতে কাব্যমন্ত্ৰ পাঠেৰে অনুষ্ঠানৰ সামৰণি পৰে।
নিয়মীয়া বাৰ্তা, দুলীয়াজান, ২১ ফেব্ৰুৱাৰী :