নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্মুখত বিধানসভা নিৰ্বাচন, ডুমডুমাত কোন, ৰূপেশ গোৱালা নে দুৰ্গা ভূমিজ?

সমাগত অসম বিধানসভা নিৰ্বাচনক লৈ অসমৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ মাজত টিকটকেন্দ্ৰিক সংঘাত চলি থকাৰ মাজতে উজনি অসমৰ ডুমডুমা বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক ৰূপেশ গোৱালাই দলীয় বিসম্বাদৰ পৰা উৰ্দ্ধত গৈ পুনৰ বিজেপি দলৰ হৈ বিধায়ক পদত প্ৰতিদ্বন্দিতাৰ প্ৰশস্ত পথ গঢ়া পৰিলক্ষিত হৈছে।

বিশেষকৈ গঠনৰ আৰম্ভণিৰ পৰাই কংগ্ৰেছৰ দখলত থকা ডুমডুমা বিধানসভা সমষ্টিক ২৮ বছৰ বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰা কংগ্ৰেছী শ্ৰমিক নেতা প্ৰয়াত দিলেশ্বৰ তাঁতীৰ ৰাজনৈতিক শিষ্য ৰূপে পৰিচিত ৰূপেশ গোৱালাই পূৰ্বৰ ১২৫নং তথা বৰ্তমানৰ ৮২নং ডুমডুমা বিধানসভা সমষ্টিত নিজা স্থিতি সুদৃঢ় কৰাত, তেওঁৰ প্ৰয়াত ৰাজনৈতিক গুৰুৰ দৰেই এক দীৰ্ঘকালীন সময় প্ৰতিনিধিত্ব কৰাৰ সম্ভাৱনা দেখা গৈছে।

১৯৫২ চনৰ অসম বিধানসভাৰ প্ৰথম সাধাৰণ নিৰ্বাচনত নিৰ্বাচিত হৈ প্ৰয়াত হৰিহৰ চৌধুৰীয়ে পাঁচ বছৰ প্ৰতিনিধিত্ব কৰা ডুমডুমা বিধান সমষ্টিত প্ৰয়াত মলিয়া তাঁতীয়ে প্ৰায় ১৬ বছৰ, দিলেশ্বৰ তাঁতীয়ে ২৮ বছৰ, দুৰ্গা ভূমিজে দহ বছৰ আৰু দিলীপ মৰানে পাঁচ বছৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৫২ চনৰ নিৰ্বাচনৰ পৰা বৰ্তমানলৈকে প্ৰায় ৭৪ বছৰ অতিক্ৰম কৰা সময়ত ৬৪ বছৰ কাল ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বিধায়কে সমষ্টিটোৰ প্ৰতিনিধিত্ব কৰাৰ বাহিৰে, বিজেপি দলৰ তদানীন্তন ৰাজ্যিক উপ সভাপতি দিলীপ মৰাণ ডুমডুমা সমষ্টিত প্ৰথমবাৰৰ বাবে অকংগ্ৰেছী বিধায়ক হিচাপে ২০১১ চনত নিৰ্বাচিত হৈছিল।

আনহাতে সেই নিৰ্বাচনত সমষ্টিটোৰ বৰ্তমানৰ বিজেপি দলৰ বিধায়ক তথা মন্ত্ৰী ৰূপেশ গোৱালাই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দিতা কৰি ৩১.৫৭% ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ বিজয়ী বিধায়ক দিলীপ মৰানে ৩৭% ভোটেৰে বিজয়ী হৈছিল।

অৱশ্যে, কংগ্ৰেছৰ অভেদ্য দুৰ্গ হিচাপে পৰিচিত ডুমডুমা বিধানসভা সমষ্টিৰ ৰাইজে সেই বিজয়ক কংগ্ৰেছ দলৰ আভ্যন্তৰীণ কন্দলৰ ফল বুলিহে অভিহিত কৰিছিল।  কাৰণ, ভাৰতীয় জনতা পাৰ্টীৰ নেতা নৰেন্দ্ৰ মোদীৰ। ঢৌ সমগ্ৰ দেশত বিয়পি পৰাৰ সময়ত ২০০৬ চনৰ অসম বিধান সভা নিৰ্বাচনত কংগ্ৰেছী প্ৰাৰ্থী দুৰ্গা ভূমিজে  বিজেপিৰ দিলীপ মৰাণক মাত্ৰ ৭৮৮টা ভোটত পৰাজিত কৰি বিধায়ক হৈছিল।

ভিতৰুৱা তথ্য অনুসৰি, সেই সময়ৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত গঠন হোৱা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথম চৰকাৰে, কংগ্ৰেছী বিধায়কক বিজেপিকৰণ কৰা অভিযানত সুশান্ত বৰগোঁহাই, ৰূপজ্যোতি কুৰ্মী আদিৰ দৰে ডুমডুমাৰ কংগ্ৰেছী বিধায়ক দুৰ্গা ভূমিজে অফাৰ গ্ৰহণ নকৰা অন্যতম আছিল।

স্মৰ্তব্য যে ৰূপেশ আৰু দুৰ্গা দুয়ো কংগ্ৰেছ দলত থকাৰ সময়তে গাভৰুভেটি জিলা পৰিষদৰ সদস্য পদৰ নিৰ্বাচন খেলিবলৈ টিকট বিছাৰি প্ৰত্যাক্ষিত হৈছিল ৰূপেশ গোৱালা। অৱশ্যে বিগত ২০২১ চনৰ অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ আশিসধন্য হৈ ৰূপেশ গোৱালাই একে নিশাই কংগ্ৰেছ দল এৰি গেৰুৱা বাহিনীত যোগদান কৰি ডুমডুমা সমষ্টিৰ দলীয়  প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াই পূৰ্বৰ দুবাৰৰ কংগ্ৰেছী বিধায়ক দুৰ্গা ভূমিজক প্ৰায় ৮০০০ ভোটৰ ব্যৱধানত পৰাজিত কৰি প্ৰথম বাৰৰ বাবে অসম বিধানসভাত প্ৰৱেশ কৰে।

অসম চাহ মজদূৰ সংঘৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা অসম চৰকাৰৰ বৰ্তমানৰ শ্ৰম মন্ত্ৰী ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাই পিচতীয়াকৈ প্ৰৱেশ কৰিও সমষ্টিৰ বিজেপি কৰ্মী নেতাৰ মাজত দলীয় বিসম্বাদ ৰোধ কৰি এক সুকীয়া দলীয় নেতৃত্ব বহন কৰিব পৰাটো তেওঁৰ চমকপ্ৰদ ৰাজনৈতিক উত্থানৰ অন্যতম কাৰক বুলি সমষ্টিৰ ৰাইজে কয়।

মুঠ পোন্ধৰখন গাঁও পঞ্চায়ত এলেকা আৰু এখন পৌৰ সভা এলেকাৰ এই বিধানসভা সমষ্টিৰ ১৬১টা ভোট গ্ৰহণ কেন্দ্ৰৰ জৰিয়তে প্ৰায় ১৪৫০০০গৰাকী ভোটাৰ থকা এই বিধানসভা সমষ্টিত প্ৰায় ৫o% যুৱ ভোটাৰৰ লগতে চাহ জনগোষ্ঠীৰ লোকে নিৰ্ণায়ক ভূমিকা পালন কৰে।

উল্লেখযোগ্য যে সমষ্টিটোৰ পূৰ্বৰ বিজেপি বিধায়ক দিলীপ মৰাণৰ বিজেপি ত্যাগ, দৃষ্টি পাৰ্টিত যোগদান আৰু পিছত কংগ্ৰেছ দলৰ সদস্য ভুক্তিহৈ বৰ্তমান সময়ত আগন্তুক বিধান সভা নিৰ্বাচনত নবগঠিত মাকুম বিধান সভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশি আৰু তিনিচুকীয়া জিলা বিজেপিৰ পূৰ্বৰ সভাপতি তথা বিগত বিধান সভা নিৰ্বাচনত বিজেপি দলৰ পৰা ডুমডুমাত প্ৰাৰ্থীত্ব নাপাই নিৰ্দলীয় কৈ প্ৰতিদ্বন্দিতা কৰি ১৩% ভোট লাভ কৰা লক্ষেশ্বৰ মৰাণ বৰ্তমান ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ  ডিগবৈ বিধানসভা সমষ্টিৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ বুলি জনা যায়।

দুয়োগৰাকী পুৰণি বিজেপি নেতাৰ দলত্যাগ আৰু কংগ্ৰেছ দলত যোগদানৰ ফলত সমষ্টিটোৰ বিজেপি দলৰ মজিয়াত ৰূপেশৰ স্থিতি অধিক গাঢ় হোৱাৰ লগতে সুবিধা অনুসৰি তেওঁ দলৰ পদবী আৰু দায়িত্ব নিজৰ সহযোগী সকলক প্ৰদান কৰা দেখা যায়। যাৰ বাবে,  ডুমডুমা সমষ্টিৰ বিজেপি দলৰ গুৰুত্বপূৰ্ণ পদবীত থকা বৰ্তমান নেতাসকলৰ অধিকসংখ্যকেই পুৰণি কংগ্ৰেছী অভিজ্ঞতাৰে পৰিপুষ্ট।

বিশেষ যে উজনি অসমৰ চাহ বাগিচা অধ্যুষিত বিধান সভা সমষ্টি সমূহত নিৰ্বাচনৰ সময় চোৱাত চাহ শ্ৰমিক সংগঠন আৰু চাহ জনগোষ্ঠীয় ছাত্ৰ সংগঠনসমূহে বিশেষ ভূমিকা পালন কৰা পৰিলক্ষিত হয়। বৰ্তমান সময়ত চাহ শ্ৰমিক সংগঠনৰ অন্যতম নেতা হিচাপে ৰূপেশ গোৱালাই অনাগত বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই সুযোগৰ সদব্যৱহাৰ কৰা দেখা গৈছে, যাৰ তুলনাত কংগ্ৰেছৰ ভাবী প্ৰাৰ্থী তথা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দুৰ্গা ভূমিজৰ পূৰ্বে বাগিচা অঞ্চলত থকা গণভিত্তি কমি যোৱা পৰিলক্ষিত হৈছে।

তদুপৰি, বিগত সময়চোৱাত চাহ বাগিচাত  সৃষ্টি হোৱা  চাহ বাগিচাৰ শ্ৰমিকৰ বেংক একাউণ্টলৈ এটি কলি দুটি পাতৰ ধন, শ্ৰমিক কল্যান পুঁজি, চাহ শ্ৰমিকক ম্যাদী পট্টা প্ৰদানৰ দৰে চৰকাৰী ব্যৱস্থাৰ জৰিয়তে চৰকাৰে পোনপটীয়াকৈ ধন প্ৰেৰণ কৰি হিতাধিকাৰী সৃষ্টিৰ জৰিয়তে বাগিচাৰ শ্ৰমিক সমাজত স্থান সুদৃঢ় কৰাৰ ফলত ডুমডুমাৰ  বৰ্তমানৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ৰূপেশ গোৱালাৰ অসম বিধানসভালৈ দ্বিতীয় বাৰ যাত্ৰা পথৰ কঠিনতা  কম হোৱাৰ সম্ভাবনা দেখা গৈছে।

নিয়মীয়া বাৰ্তা,  ফিল’বাৰী, ২৩ ফেব্ৰুৱাৰী

You might also like