বাইহাটা চাৰিআলিত উত্তৰ-পূবৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ ৰে’ল কৰিড’ৰ মুকলি
কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ যুৱ ব্যৱসায়ী কনক ডেকাই নিজ ব্যৱসায়িক ক্ষেত্ৰ BR Group Of Companyক লৈ নিৰ্মাণ কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ ব্যক্তিগত খণ্ডৰ ৰেল কৰিডৰ। আজি এই ৰেল টাৰ্মিনেল মুকলি কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই।
বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত উপস্থিত থাকে উত্তৰ পূৱ সীমান্ত ৰেলওৱেৰ ৰঙিয়া সংমণ্ডলৰ উচ্চপদস্থ ৰেল বিষয়া, এছ বি আইৰ উচ্চ পদস্থ বিষয়া, টাটা ছেমি কণ্ডাকটৰৰ মুখ্য লজিষ্টিক বিষয়া (জাগীৰোড), কনক ডেকাৰ মাতৃ বিমলা ডেকা আদিৰ লগতে ভালেমান বিশিষ্ট ব্যক্তিয়ে।
ইতিমধ্যে ভাৰতীয় ৰেল মানচিত্ৰত সংযোজিত হোৱা তথা প্ৰধানমন্ত্ৰী গতি শক্তি আঁচনিৰ অধীনত প্ৰায় তিনিশ বিঘা ভুমিত নিৰ্মাণ কৰা এই প্ৰকল্পত প্ৰায় এহেজাৰ যুৱক যুৱতী কৰ্ম সংস্থাপন লাভ কৰিব।
আনহাতে কনক ডেকাই জানিবলৈ দিয়া মতে প্ৰায় ২৪৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পত টাটা, মহিন্দ্ৰা, সোনালিকা, হিন্দুস্তান ইউনিলিভাৰকে ধৰি ভালেসংখ্যক বহুজাতিক প্ৰতিস্থানে গ্ৰহণ কৰিব ল’জিষ্টিক সেৱা।
উল্লেখ্য Advantage Assam 2 স্বাক্ষৰিত কৰা প্ৰায় ৫০০ কোটি টকাৰ চুক্তি মৰ্মে অসমীয়া যুৱ ব্যৱসায়ী কনক ডেকাই স্হাপন কৰে এই প্ৰকল্প।
নিয়মীয়া বাৰ্তা, বাইহাটা চাৰিআলি, ২৩ ফেব্ৰুৱাৰী