ডিজিটেল ডেস্ক, ২৪ ফেব্ৰুৱাৰী : হাইলাকান্দি জিলা আৰক্ষীয়ে পুনৰ ড্ৰাগছবিৰোধী অভিযানত উল্লেখযোগ্য সফলতা লাভ কৰিছে। যোৱানিশা জিলাখনৰ মিজোৰাম সীমান্তৰ ৰামনাথপুৰ অঞ্চলত লাভ কৰা গোপন তথ্যৰ ভিত্তিত ৰামনাথপুৰ থানাৰ আৰক্ষীয়ে সুপৰিকল্পিতভাৱে বিশেষ অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ ছিৰাপ জব্দ কৰিবলৈ সক্ষম হয়।
গোপন সূত্ৰৰ পম খেদি ৰামনাথপুৰ আৰক্ষীয়ে এ এছ-০১ এল চি-১৪২৬ নম্বৰৰ এখন ট্ৰাক জব্দ কৰি তালাচী চলায়। দীঘলীয়া আৰু নিখুঁত অনুসন্ধানৰ অন্তত ট্ৰাকৰ ভিতৰত কঢ়িয়াই অনা বিভিন্ন সামগ্ৰীৰ তলত অতি চতুৰতাৰে লুকুৱাই ৰখা বৃহৎ পৰিমাণৰ কাহৰ ছিৰাপ উদ্ধাৰ কৰে। জব্দ কৰা মুঠ কাহৰ ছিৰাপৰ সংখ্যা হৈছে ৩৫০০ বটল, যাৰ আনুমানিক বজাৰ মূল্য কেইবালাখ। প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে অনুমান কৰে যে এই বৃহৎ পৰিমাণৰ কাহৰ ছিৰাপ অবৈধভাৱে আন ঠাইলৈ সৰবৰাহ কৰিবলৈ লৈ যোৱা হৈছে।
ট্ৰাকচালক মাটিয়াশ এ চাংমা মেঘালয়ৰ ৰি ভই জিলাৰ নংপো থানাৰ ডেহাল বাগানৰ নিবাসী। ছাংমাৰ পিতৃ মাইকেল এম মাৰাক আৰু একে ঠিকনাৰে নিবাসী তেওঁৰ সহকাৰী চিলমান মাৰাকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে কয় যে ধৃত দুয়োজনকে জেৰা চলি আছে আৰু এই সৰবৰাহৰ চক্ৰৰ লগত আন কোনো লোক জড়িত আছে নে নাই সেই বিষয়ে তদন্তত গম পোৱা যাব।