অধ্যাপক ড০ প্ৰশান্ত দত্তক নাহৰকটীয়া কলেজত বিদায় সম্বৰ্ধনা
নাহৰকটীয়া মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ সহযোগী অধ্যাপক ডঃ প্ৰশান্ত দত্তই চৰকাৰী নিয়মানুসৰি কাইলৈ কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিব লগাৰ পৰিপ্ৰেক্ষিতত আজি বিভাগটোৱে জেষ্ঠ শিক্ষাবিদ গৰাকীক আনুষ্ঠানিক ভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।
বিভাগটোৰ মূৰব্বী অধ্যাপক ডঃ ধীৰাজ কুমাৰ দাস, জেষ্ঠ অধ্যাপক ডঃ অনন্ত কুমাৰ বৰুৱা, অধ্যাপিকা লাকী বড়া, মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক সুৰজ গগৈ আদিকে ধৰি মহাবিদ্যালয় কেইবাগৰাকীও কৰ্মচাৰী তথা দত্তৰ প্ৰাক্তন ছাত্ৰ আৰু বিভাগটোৰ শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থকা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতো আঁত ধৰে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি বিমল মহন্ত আৰু ভিটালী ধাদুমীয়াই।
অনুষ্ঠানটোত বক্তব্য ৰাখি বিভাগটোৰ মূৰব্বী অধ্যাপক ডঃ ধীৰাজ কুমাৰ দাস, জেষ্ঠ অধ্যাপক ডঃ অনন্ত কুমাৰ বৰুৱা, অধ্যাপিকা লাকী বড়া, মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক সুৰজ গগৈ, প্ৰাক্তন ছাত্ৰ প্ৰাঞ্জল ভূঞা, ৰবি ঘাটোৱাৰ, উৎপল ডেকা আদিয়ে সুদীৰ্ঘ সময়ছোৱাত ডঃ প্ৰশান্ত দত্তই মহাবিদ্যালয় খনলৈ আগবঢ়াই যোৱা নিঃস্বাৰ্থ সেৱাক কৃতজ্ঞতাৰে স্মৰণ কৰাৰ লগতে তেওঁৰ ব্যক্তিত্বৰ ভূয়সী প্ৰশংসা কৰে।
আনহাতে নিজৰ বিদায়ী বক্তব্যত অধ্যাপক গৰাকীয়ে ১৯৮৯ চনৰ পৰা সুদীৰ্ঘ ৩৬ বছৰ কাল মহাবিদ্যালয়খনত কটোৱা কৰ্মজীৱনৰ মুহূৰ্তবোৰ আলোকপাত কৰাৰ লগতে মহাবিদ্যালয়খন আৰু ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণ কামনা কৰে।
উল্লেখযোগ্য যে অংগবস্ত্ৰ, শৰাই, জাপি, সম্বৰ্ধনা পত্ৰ, গ্ৰন্থ তথা গছপুলিৰে দত্তক সম্বৰ্ধনা জ্ঞাপন কৰা সভাখনত বৰষা সিংহই গীত পৰিৱেশন কৰাৰ লগতে অনুজ বৰা আৰু বিনীতা বৰকটকীয়ে অধ্যাপক গৰাকীক লৈ কবিতা আবৃত্তি কৰাৰ পিছত অনুষ্ঠানটো সামৰণি পেলোৱা হয় বিভাগটোৰ ছাত্ৰ ছাত্ৰী সকলে পৰিৱেশন কৰা এখন একাংকিকা নাটকেৰে।
নিয়মীয়া বাৰ্তা, নাহৰকটীয়া, ২৭ ফেব্ৰুৱাৰী