নাজিৰা সমজিলাৰ বিহুবৰ আৰক্ষী থানাৰ পৰা প্ৰায় দুশ মিটাৰ নিলগৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী বিবদমান এলেকাৰ অসমৰ ভূখণ্ডত নগাৰ আগ্ৰাসন অব্যাহত আছে। বিহুবৰ ঔগুৰিজানৰ বিবদমান এলেকাত বছৰ বছৰ ধৰি ইয়াজুদ্দিন শ্বাহৰ নেতৃত্বত আপুং কন্যাক নামৰ নগা যুৱকে অবৈধভাৱে শিল খনন কৰি থকা দ খাদানত পৰি আজি দুপৰীয়া ভাগত এগৰাকী মহিলাই কৰুণ মৃত্যুক আঁকোৱালি লয় ।
ঘটনা অনুসৰি আজি প্ৰায় দহ বজাত ঔগুৰিজান অবৈধ শিল খননস্থলীৰ কাষৰ পূজা মুণ্ডা ( ৪৫) নামৰ মহিলাগৰাকীয়ে দোকানৰ পৰা ঘৰলৈ উভতি যাওঁতে শিল খান্দি থোৱা দ খাদান এটাত বাগৰি পৰি মৃত্যু হয় । বিহুবৰ আৰক্ষীয়ে খবৰ পাই উপ-পৰিদৰ্শক প্ৰসেন দাসৰ নেতৃত্বত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। নাজিৰা সমজিলাৰ সহকাৰী দণ্ডাধীশৰ উপস্থিতিত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি জয়সাগৰস্থ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
আনহাতে, উক্ত ঘটনাৰ খবৰ পাই নাজিৰাৰ সংবাদসেৱীয়ে ঘটনাস্থলীত উপস্থিত হৈ সংবাদ সংগ্ৰহ তথা ম’বাইলত ভিডিঅ’ সংগ্ৰহ কৰি থকাৰ সময়তে আপুং কন্যাক নামৰ শিল মাফিয়া নগা ব্যক্তিজনৰ নেতৃত্বত সাতজনীয়া নগা যুৱকৰ দলে সংবাদসেৱী দুজনক আগুৰি ধৰি বাধা প্ৰদান কৰাৰ লগতে ম’বাইল কাঢ়ি লৈ সংগ্ৰহ কৰা ভিডিঅ’ ডিলিট কৰে । নগাৰ দলটোৱে উক্ত বিবদমান এলেকা নাগালেণ্ডৰ বুলি দাবী কৰাৰ উপৰি আজিৰ পৰা যদি বাতৰি কৰিবৰ বাবে ঔগুৰিজান এলেকাত অসমৰ কোনো সংবাদসেৱী উপস্থিত হয় গুলীয়াই মাৰিম বুলি ভাবুকি প্ৰদান কৰে। এই ঘটনাই সমগ্ৰ নাজিৰা সমজিলাত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।