নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত পুথিভঁৰাল সন্থাৰ  উদ্যোগত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন

সমগ্ৰ দেশৰ লগতে নগাঁৱতো সদৌ অসম গ্রাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত সন্থাৰ দ্বাৰা পৰিচালিত নেতাজী বিদ্যাপীঠৰ সহযোগত বিদ্যাপীঠ প্রাংগণত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস-২০২৬ উদযাপন কৰা হয়। দিৱস উপলক্ষে পুৱা সন্থাৰ আৱাসী আৰু কৰ্মচাৰীসকলৰ দ্বাৰা চাফাই অভিযান, গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পুৱা ১০.৩০ বজাত ভাৰতৰ প্ৰখ্যাত বিজ্ঞানী দুবাৰকৈ নবেল বঁটাপ্রাপক চি ভি ৰমণৰ প্ৰতিচ্ছবিত শ্রদ্ধাঞ্জলি, মাল্যাৰ্পণ আৰু বন্তি প্রজ্বলন কার্যসূচী মুকলি কৰে সন্থাৰ প্ৰধান সম্পাদক খগেন চন্দ্ৰ নাথে।

পুৱা ১১ বজাৰ পৰা সন্থাৰ প্ৰধান সম্পাদক খগেন চন্দ্র নাথৰ সঞ্চালনাত অনুষ্ঠিত হয় ‘বিকশিত ভাৰতৰ উন্নয়নত মহিলা বিজ্ঞানীৰ অৱদান’ শীর্ষক এক মনোজ্ঞ আলোচনা চক্র। বক্তব্যত সঞ্চালকে ভাৰতৰ বহুকেইগৰাকী মহিলা বিজ্ঞানী সম্পৰ্কে উল্লেখ কৰি ভাৰতৰ প্রখ্যাত বিজ্ঞানী চি ভি ৰমণৰ ‘ৰমণ’ আৱিষ্কাৰ সম্পৰ্কত এক গাম্ভীৰ্যপূর্ণ বক্তব্য আগবঢ়ায়। সভাত সাপ্তাহিক বাতৰি কলংপাৰ কাকতৰ প্ৰাক্তন মুখ্য সম্পাদক তথা অৱসৰপ্ৰাপ্ত শিক্ষক ভবেন বৰা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক হীৰেন ডেকাই আলোচক হিচাপে অংশগ্রহণ কৰি বিষয়বস্তুৰ ওপৰত মননশীল বক্তৃতা আগবঢ়োৱাৰ উপৰি চি ভি ৰমণৰ জীৱনাদৰ্শৰ ওপৰত বক্তব্য আগবঢ়ায়।

সভাত সন্থাৰ ৰাজ্যিক কার্যনির্বাহক সদস্য ধেনুৰাম নাথে অংশগ্রহণ কৰি বক্তব্য দাঙি ধৰাৰ উপৰি এটি গীত পৰিৱেশন কৰে। সন্থাৰ প্ৰকল্প বিষয়া কনজুন বৰাই আঁত ধৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সমন্বয়ক ডেইজী সেনাপতিয়ে। নেতাজী বিদ্যাপীঠৰ ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্রী, অভিভাৱক, সন্থাৰ কৰ্মচাৰীবৃন্দ আৰু স্থানীয় দুই শতাধিক লোকে অংশগ্ৰহণ কৰা সভাত শলাগৰ শৰাই আগবঢ়ায় নেতাজী বিদ্যাপীঠৰ প্রধান শিক্ষয়িত্রী ৰূপা মুক্তিয়াৰে। শেষত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে সভাৰ সামৰণি মৰা হয়।

বিশেষ বাৰ্তা, নগাঁও, ২৮ ফেব্ৰুৱাৰী :

You might also like