নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ পৰা গৌৰৱ গগৈক প্ৰাৰ্থিত্ব, কংগ্ৰেছৰ ৪২ সমষ্টিৰ প্ৰাৰ্থী ঘোষণা

অসম বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছ দলে ৪২টা বিধানসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ প্ৰথম তালিকা প্ৰকাশ কৰিছে।

প্ৰথম তালিকাত উল্লেখযোগ্য নামসমূহৰ ভিতৰত আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী (APCC)ৰ সভাপতি আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ। তেওঁক যোৰহাট বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতাৰ বাবে মনোনীত কৰা হৈছে।

আন উল্লেখযোগ্য প্ৰাৰ্থীৰ ভিতৰত আছে প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি ৰিপুণ বৰা, যাক বৰছলা সমষ্টিৰ পৰা টিকট প্ৰদান কৰা হৈছে। বৰ্তমানৰ অসম বিধানসভাৰ বিৰোধী দলপতি আৰু বিধায়ক দেৱব্ৰত শইকীয়াই নাজিৰা সমষ্টিৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হ’ব।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ মন্ত্ৰীসভাৰ প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনক নাহৰকটীয়া সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়া হৈছে।

বকোৰ বৰ্তমানৰ বিধায়ক নন্দিতা দাসক হাজো-শুৱালকুছি (SC) সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতাৰ বাবে টিকট প্ৰদান কৰা হৈছে। আনহাতে মীৰা বৰঠাকুৰ গোস্বামী দিছপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব।

দলটোৱে আন কেইবাজনো কংগ্ৰেছ নেতাৰ পুত্ৰ আৰু পৰিয়ালৰ সদস্যকো টিকট প্ৰদান কৰিছে। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন, যাক চামগুৰি সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়া হৈছে।

আনহাতে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈক মাৰ্ঘেৰিটা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। লগতে প্ৰবীণ কংগ্ৰেছ নেতা পৱনসিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰক চাবুৱা-লাহোৱাল সমষ্টিৰ পৰা টিকট দিয়া হৈছে।

ডিজিটেল ডেস্ক, ৪ মাৰ্চ

You might also like