নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ন-বিজেপি নহয়, ৰামেশ্বৰ তেলীক দুলীয়াজানত বিজেপিৰ প্ৰাৰ্থিত্ব!

মুখ্যমন্ত্ৰী ড০ হিমন্ব বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে আগন্তুক বিধানসভা নিৰ্বাচনত দুলীয়াজান সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হ’ব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী।

দুলীয়াজানৰ বৰ্তমানৰ বিধায়ক তেৰাছ গোৱালাক অসমৰ দুটা ৰাজ্যসভা আসনৰ ভিতৰত এখনৰ বাবে দলটোৱে মনোনীত কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে।

গোৱালাৰ উপৰি বিজেপিয়ে মাহমৰা সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা ড° শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাৰ মন্ত্ৰী যোগেন মহনকো ১৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

উল্লেখযোগ্য যে ৰামেশ্বৰ তেলীয়ে ২০০১ৰ পৰা ২০১১ চনলৈ দুটা কাৰ্যকাল দুলীয়াজান সমষ্টিৰ পৰা বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰিছিল। ২০১১ চনৰ নিৰ্বাচনত তেওঁ কংগ্ৰেছৰ অমিয়া গগৈৰ হাতত প্ৰায় ৩ হাজাৰ ভোটত পৰাজিত হৈছিল।

তেওঁ ২০১৪ চনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল আৰু ২০১৯ চনত পুনৰ নিৰ্বাচিত হয়। ২০১৯-২০ চনত তেওঁ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পিছলৈ ২০২১ৰ পৰা ২০২৪ চনলৈ দ্বিতীয় মোদী মন্ত্ৰীসভাত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ তথা শ্ৰম আৰু নিযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰে।

ইয়াৰ উপৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই জনায় যে মাহমৰা সমষ্টিৰ বাবে দলটোৱে শীঘ্ৰে নতুন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব। লগতে শেহতীয়াকৈ বিজেপিত যোগদান কৰা প্ৰাক্তন আছু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক এইবাৰ দুলীয়াজান সমষ্টিৰ পৰা দলীয় টিকট প্ৰদান কৰাৰ সম্ভাৱনাকো তেওঁ নাকচ কৰে।

ডিজিটেল ডেস্ক, ৪ মাৰ্চ

You might also like