কংগ্ৰেছৰ মিত্ৰতা বিচাৰি অৱশেষ বিমুখ হোৱা অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে একলা চলো নীতি গ্ৰহণ কৰি অকলেই নিৰ্বাচন খেলিব। ৰাইজৰ দলে আজি বিয়লি প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিব বুলি জনাইছে দলটোৰ সভাপতি অখিল গগৈয়ে।
তেওঁ জনোৱা মতে, প্ৰথম পৰ্যায়ত ১২ৰ পৰা ১৫খন বিধানসভা আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ’ব। গুৱাহাটীৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হবলগীয়া সংবাদ মেলৰ জৰিয়তে এই প্ৰাৰ্থী তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হ’ব।
আগতীয়া নিৰ্বাচনক লৈ ৰাজনৈতিক পৰিসৰত ইতিমধ্যে চাঞ্চল্য বৃদ্ধি পাইছে আৰু ৰাইজৰ দলৰ এই প্ৰথম তালিকাই ৰাজনৈতিক সমীকৰণত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে।
উল্লেখ্য যে কংগ্ৰেছে কালি তেওঁলোকৰ প্ৰথম ৪২টা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে।
ডিজিটেল ডেস্ক, ৪ ফেব্ৰুৱাৰী