মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে কমলাক্ষ দে’ পুৰকায়স্থ, বসন্ত দাস আৰু শশীকান্ত দাসে অহা কাইলৈ (৫ মাৰ্চ) পুৱা ৮ বজাত গুৱাহাটীত বিজেপিত যোগদান কৰিব।
বুধবাৰে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই জনায় যে কংগ্ৰেছৰ তিনিজন বৰ্তমান বিধায়কে অহা কাইলৈ (৫ মাৰ্চ) বিজেপিত যোগদান কৰিব।
বৰপেটা সত্ৰত প্ৰাৰ্থনা জনোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ বৰ্তমান বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ (উত্তৰ কৰিমগঞ্জ), শশীকান্ত দাস (ৰহা) আৰু বসন্ত দাস (মঙলদৈ)-এ কাইলৈ পুৱা ৮ বজাত গুৱাহাটীৰ ৰাজ্যিক দলীয় কাৰ্যালয় বাজপেয়ী ভৱনত বিজেপিত যোগদান কৰিব।
আন কংগ্ৰেছ নেতা-নেত্ৰীয়েও তেওঁৰ সৈতে আৰু বিজেপিৰ নেতৃত্বৰ সৈতে যোগাযোগ কৰি আছে নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড° শৰ্মাই ৰসিকভাৱে কয় যে যদি তেওঁ আৰু অধিক কংগ্ৰেছ নেতাক বিজেপিত আনিবলৈ চেষ্টা কৰে, তেন্তে বিজেপিৰ নেতৃত্বই তেওঁকহে দলৰ পৰা বাহিৰ কৰি দিব।
কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকাক “বংশানুক্ৰমিক ৰাজনীতিৰ দলিল” বুলি অভিহিত কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে বিজেপিৰ প্ৰাৰ্থী তালিকাত “সাধাৰণ পৰিয়াল”ৰ লোকসকলক স্থান দিয়া হ’ব।
ডিজিটেল ডেস্ক, ৪ মাৰ্চ