নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও ৰে’ল ষ্টেচনত দুটাকৈ মৃতদেহ উদ্ধাৰ, চাঞ্চল্য

নগাঁও ৰে’ল ষ্টেচনত দুটাকৈ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পুৱা এজন অচিনাক্ত লোকৰ মৃতদেহ ৰে’ল আৰক্ষীয়ে টিকট কাউণ্টাৰৰ ওচৰত উদ্ধাৰ কৰাৰ কিছু সময় পাছতে ষ্টেচনটোৰ ১০০ মিটাৰ নিলগত আন এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মৃতদেহ উদ্ধাৰ হোৱা মহিলাগৰাকীয়ে উজনিমুৱা শিলঘাট চেন্নাই টাম্বৰৰম ৰে’লখনৰ পৰা পুৱা ষ্টেচনটোত নামিছিল। পুৱাই ৰে’ল ষ্টেচনটোত দুটাকৈ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

বিশেষ বাৰ্তা, কনক হাজৰিকা, ৫ মাৰ্চ :

You might also like