নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পর্যাপ্ত ইন্ধন মজুত আছে, যুদ্ধৰ প্রভাৱ নপৰে ভাৰতত

🔹 হৰমুজ প্রণালীত ইৰানৰ নিষেধাজ্ঞা জাৰিৰ পিছতেই দিল্লীৰ ভাষ্য

ডিজিটেল ডেস্ক, ৫ মার্চ : পশ্চিম এছিয়াৰ চলিত যুদ্ধ পৰিস্থিতিৰ কাৰণে ভাৰতৰ বজাৰত পেট্র’লিয়াম পণ্য সৰবৰাহত আপাতত কোনো সংকট নহ’ব৷- মঙলবাৰে এই দাবী কৰে কেন্দ্রীয় চৰকাৰে৷

পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ দপ্তৰৰ মন্ত্রী হৰদীপ সিং পুৰীয়ে কয়– পর্যাপ্ত ইন্ধন মজুত আছে৷ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ভাৰত সম্পূর্ণৰূপে প্রস্তুত৷ ইৰানত আমেৰিকা আৰু ইজৰাইলে আক্রমণ চলোৱাৰ পিছত তেহৰানে চলোৱা প্রত্যাক্রমণত পশ্চিম এছিয়াত সৃষ্টি হৈছে এক অস্থিৰ পৰিস্থিতিৰ৷ মঙলবাৰে সংঘর্ষৰ চতুর্থ দিনা ইৰানে হৰমুজ প্রণালীৰে তেলবাহী জাহাজ চলাচলৰ নিষেধাজ্ঞা জাৰি কৰে৷ এই ক্ষেত্রত ৰেহাই দিয়া হৈছে কেৱল ৰাছিয়া আৰু চীনৰ তেলবাহী জাহাজক৷

ইয়াৰ ফলত দেশৰ বজাৰত পেট্র’লিয়াম পণ্যৰ সৰবৰাহ ব্যাহত হৈ পৰিব পাৰে বুলি উদ্বেগৰ সৃষ্টি হ’লেও মঙলবাৰে মন্ত্রীগৰাকীয়ে পৰিস্থিতিৰ মোকাবিলাৰ ক্ষেত্রত দিল্লীৰ প্রস্তুতিৰ কথা ব্যাখ্যা কৰি কয়- ‘দেশজুৰি পেট্র’লিয়াম পণ্যৰ সৰবৰাহ আৰু মজুতৰ ওপৰত ক্রমাগতভাৱে মনিটৰিং কৰাৰ বাবে আমাৰ মন্ত্রালয়ে ২৪ ঘণ্টাই সক্রিয় কন্ট্ৰ’ল ৰুম স্থাপন কৰিছে৷ বর্তমান মজুত থকা তেলৰ ক্ষেত্রত চৰকাৰ যথেষ্ট সন্তুষ্ট৷ ভাৰতীয় উপভোক্তাসকলৰ স্বার্থ ৰক্ষা কৰাটো আমাৰ সর্বোচ্চ অগ্রাধিকাৰ৷ পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রালয়ৰ সূত্রৰ উদ্ধৃতি দি সংবাদ প্রতিষ্ঠানে জনোৱা মতে, দেশত এতিয়া ২৫ দিনৰ পেট্র’ল–ডিজেল মজুত আছে৷

You might also like