বিহাৰত বিজেপিৰ মুখ্যমন্ত্ৰী হোৱাটো প্ৰায় নিশ্চিত বুলি ৰাজনৈতিক মহলত আলোচনা চলিছে। নতুন চৰকাৰ গঠন সন্দৰ্ভত অমিত শ্বাহ আৰু নীতিশ কুমাৰৰ মাজত বিস্তৃত আলোচনা হোৱা বুলি জানিব পৰা গৈছে।
এই সময়তে সূত্ৰসমূহে জনোৱা মতে নীতিশ কুমাৰে তৎক্ষণাৎ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰিব। তেওঁ ১০ এপ্ৰিললৈকে মুখ্যমন্ত্ৰী হিচাপে দায়িত্বত থাকিব পাৰে বুলি অনুমান কৰা হৈছে। কাৰণ নতুন চৰকাৰৰ গঠন ১০ এপ্ৰিলৰ ভিতৰত হ’ব পাৰে, কিয়নো ৰাজ্যসভাৰ নতুন কাৰ্যকাল ১০ এপ্ৰিলৰ পিছতেই আৰম্ভ হ’ব। সেই সময়তেই নীতিশ কুমাৰে পদত্যাগ কৰি নতুন চৰকাৰ গঠন কৰা হ’ব বুলি খবৰ প্ৰকাশ পাইছে।
বৃহস্পতিবাৰে (৫ মাৰ্চ) নীতিশ কুমাৰে অমিত শ্বাহৰ উপস্থিতিত ৰাজ্যসভাৰ বাবে নিজৰ মনোনয়ন দাখিল কৰে। এই উপলক্ষে অমিত শ্বাহে কয়, “নীতিশ কুমাৰে এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰৱেশ কৰিছে। ২০০৫ চনৰ পৰা এতিয়ালৈকে তেওঁৰ কাৰ্যকাল বিহাৰৰ ইতিহাসত সুৱৰ্ণ অধ্যায় হিচাপে লিখা থাকিব।”
অমিত শ্বাহে নীতিশ কুমাৰৰ প্ৰশংসা কৰি কয় যে তেওঁ বিহাৰত ‘জংগলৰাজ’ৰ অন্ত পেলাইছে আৰু ৰাজ্যখনৰ উন্নয়ন ত্বৰান্বিত কৰিছে। তেওঁ কয় যে দীঘলীয়া ৰাজনৈতিক জীৱনত নীতিশ কুমাৰৰ ওপৰত একো দাগো নাই।
ইফালে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “ৰাজ্যসভালৈ যোৱাটো নীতিশ কুমাৰৰ নিজা সিদ্ধান্ত। বিহাৰত যি চৰকাৰেই গঠন নহওক কিয়, সেইটো তেওঁৰ নেতৃত্বতেই গঠন হ’ব।”
আনহাতে, আৰজেডিৰ নেতা আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে অভিযোগ উত্থাপন কৰি কয় যে বিজেপিয়ে নীতিশ কুমাৰক মানসিকভাৱে চাপ সৃষ্টি কৰিছিল। ইফালে কংগ্ৰেছৰ কিছুমান নেতাই দাবী কৰিছে যে তেওঁৰ পুত্ৰক উপ-মুখ্যমন্ত্ৰী কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে।
কিন্তু এতিয়া চৰ্চা হৈছে যদি বিজেপিৰ মুখ্যমন্ত্ৰী হয়, তেন্তে মুখ্যমন্ত্ৰীৰ দাবীদাৰ কোন। এক চৰ্চা মতে সম্ৰাট চৌধুৰী এই দৌৰৰ শীৰ্ষত আছে। পিছে সময়েহে কব কাৰ ভাগ্য উদয় হয়।
ডিজিটেল ডেস্ক, ৫ মাৰ্চ