ডিজিটেল ডেস্ক, ৫ মাৰ্চ : ফাকুৱাৰ আনন্দ-উল্লাসৰ মাজতে তীৰ্থনগৰী হাজোত কালি সংঘটিত হৈছিল এক শোকাৱহ ঘটনা। ফাকুৱা খেলি ভোজ-ভাতৰ আয়োজন কৰি পুঠিমাৰী নৈত গা ধুবলৈ নামি সন্ধানহীন হৈ পৰিছিল তিনি বন্ধু।
তিনি যুৱকৰ সন্ধানত পুঠিমাৰী নৈৰ বুকুত নামি পৰিছিল এন ডি আৰ এফ আৰু এছ ডি আৰ এফ আৰু নিশা প্ৰায় দহ বজাত মৃতদেহ উদ্ধাৰ হৈছিল সন্ধানহীন তিনি যুৱক ক্ৰমে নয়নপুৰৰ জয়প্ৰকাশ কলিতা (২৮), পাখামেলাৰ বিশাল দাস (২৩), শান্তিপুৰৰ সন্দীপ কলিতাৰ (২২)।
নিশাই হাজো আৰক্ষীয়ে মৃতদেহকেইটা থানালৈ আনি আজি পুৱাৰ ভাগত মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে আৰু আজি বিয়লি এক শোকাকুল পৰিৱেশত অগণন গুণমুগ্ধৰ উপস্থিতিত নয়নপুৰ লখাইতৰা শ্মশানত জয়প্ৰকাশ কলিতা আৰু বিশাল দাসৰ শেষকৃত্য সম্পন্ন কৰা হয়। আনহাতে, শান্তিপুৰ শ্মশানত শেষকৃত্য সম্পন্ন হয় সন্দীপ কলিতাৰ।