নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজিত জনসমুদ্ৰত পৰিণত মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসম ৰাজ্যিক বিজেপিয়ে ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে অসমবাসীৰ পৰা শুভেচ্ছা, আশিস গ্ৰহণ কৰাৰ অৰ্থে উলিওৱা জন আৰ্শীবাদ যাত্ৰাৰ আজিৰ চতুৰ্থ দিনা ধেমাজি জিলাৰ দুৱাৰমুখস্বৰুপ গোগামুখত ভৰি দিয়াৰ লগে লগেই উপস্হিত হাজাৰ হাজাৰ ৰাইজ আৰু দলীয় কৰ্মীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক গায়ন-বায়ন, ঢোলে-দগৰে, দবা-শংখৰে উষ্ম আদৰণি জনায়।

পুষ্পসজ্জিত এখন আটকধুনীয়া বাহনত উঠি  মুখ্যমন্ত্ৰী ড০ শৰ্মাই গোগামুখ নগৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে মুখ্যমন্ত্ৰীলৈ অপেক্ষা কৰি থকা হাজাৰ হাজাৰ ৰাইজৰ আশিস গ্ৰহণ কৰে৷ পথৰ দুয়োপাৰে থকা ধেমাজি সমষ্টিবাসীয়ে ফুলাম গামোচা , চেলেং চাদৰেৰে বিপুলভাৱে আদৰণি জনায়৷

ইপিনে প্ৰায় ১ ঘণ্টা ধৰি গোগামুখৰ প্ৰায় ৩ কিলোমিটাৰ পথ ৰাইজৰ সৈতে কুশল বাৰ্তা বিনিময় কৰাৰ পিছত আৰ্শীবাদ যাত্ৰাই ধেমাজি সমষ্টিৰ ধেমাজি সদৰৰ অভিমুখে আগবাঢ়ে৷ লক্ষ্যণীয় যে প্ৰায় ৫০০ বাইকেৰে এক বিশাল ৰেলীৰে ধেমাজি সদৰৰ অভিমুখে মুখ্যমন্ত্ৰী শৰ্মাৰ আৰ্শীবাদ যাত্ৰাই গতি কৰাৰ সময়ত বৰদলনি, চমৰাজান, জীয়াঢলতো শ শ ৰাইজে মুখ্যমন্ত্ৰী ড০ শৰ্মাক আশিস আৰু শুভেচ্ছা জনায়।

ইপিনে ১২.৪৫ বজাত বিশাল আৰ্শীবাদ যাত্ৰাই ধেমাজি সদৰত পদাৰ্পণ কৰাৰ লগে লগে তেলিজান তিনিআলিৰ পৰা শ শ ৰাইজ আৰু দলীয় কৰ্মীয়ে আৰ্শীবাদ যাত্ৰাক আদৰি নিয়ে ৷ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে উপস্হিত হাজাৰ হাজাৰ ৰাইজে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক বিপুলভাৱে আদৰণি জনোৱাৰ লগতে আশিস প্ৰদান কৰে৷

ধেমাজি সদৰৰ তেলিজানৰ পৰা নগৰৰ শেষ প্ৰান্তৰ ৰংছটিওৱা পথাৰলৈকে সমবেত অসংখ্য গুণমুগ্ধৰ পৰা প্ৰায় ডেৰ ঘণ্টা ধৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই শুভেচ্ছা গ্ৰহণ কৰে৷ ইয়াৰ পিছতে আৰ্শীবাদ যাত্ৰাই চিচিবৰগাঁও সমষ্টিৰ গোৱাল চাপৰি, মৰিঢল, শ্ৰীপাণি, লালুং তিনিআলি অতিক্ৰম কৰি মূল চিচিবৰগাঁৱত প্ৰৱেশ কৰে৷

চিচিবৰগাঁৱতো হাজাৰ হাজাৰ গুণমুগ্ধই মুখ্যমন্ত্ৰীগৰাকীক বিপুলভাৱে আদৰণি জনোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই সকলোৰে পৰা আশিস আৰু শুভেচ্ছা গ্ৰহণ কৰে৷ প্ৰায় ১ ঘণ্টা ধৰি চিচিবৰগাঁৱত ৰাইজৰ সৈতে কুশল বাৰ্তা বিনিময় কৰাৰ পিছতে আৰ্শীবাদ যাত্ৰাই  গেলুৱা, কোলাজান, অকাজানত সমবেত অসংখ্য গুণমুগ্ধৰ পৰা শুভেচ্ছা গ্ৰহণ কৰি চিলাপথাৰৰ দিশে আগুৱাই যায়।

চিলাপথাৰৰ জোনাই সংযোগী নামচুক তিনিআলিত বিশাল আৰ্শীবাদ যাত্ৰা উপস্হিত হোৱাৰ মাত্ৰে গুণমুগ্ধই ২৫ কিলোগ্ৰাম ওজনৰ এডাল নাৰ্জিফুলৰ মালা পিন্ধাই মুখ্যমন্ত্ৰীক বিপুলভাৱে সম্ভাষণ জনায়। সমবেত শ শ লোকে মুখ্যমন্ত্ৰীক আদৰণি আৰু সম্ভাষণ জনোৱাৰ পিছতে ৰাইজৰ সৈতে ভাৱ বিনিময় কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৷ ইয়াৰ পিছতে প্ৰায় এক হাজাৰ মটৰচাইকেলেৰে বিজেপি আৰু গণশক্তিৰ কৰ্মীয়ে মুখ্যমন্ত্ৰী আৰু বিশাল জন আৰ্শীবাদ যাত্ৰাক জোনাই সমষ্টিলৈ  আদৰি নিয়ে ৷

একেখন বাহনতে দিলীপ শইকীয়া, ৰণোজ পেগু, পৰমানন্দ চায়েংগীয়া 

আজিৰ দীঘলীয়া আশীৰ্বাদ যাত্ৰাৰ পুষ্পসজ্জিত বাহনত মুখ্যমন্ত্ৰীৰ সৈতে উঠে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, ধেমাজি সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু, লক্ষীমপুৰৰ সাংসদ প্ৰদান বৰুৱা, এম এ চিৰ মুখ্য কাৰ্যবাহী সদস্য তথা গণশক্তি দলৰ সভাপতি পৰমানন্দ চায়েংগীয়া ৷ সুদীৰ্ঘ  যাত্ৰাত মুখ্যমন্ত্ৰীৰ কাষত থাকি এওঁলোকে সাহস আৰু প্ৰেৰণা প্ৰদান কৰে৷ ইপিনে সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোনোৱাল, জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু, বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰী, ধেমাজি জিলা বিজেপিৰ সভাপতি ৰুপা কামান, অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক তোলন কোঁৱৰ, অসম গণ পৰিষদৰ মহিলা পৰিষদৰ কাৰ্যকৰী সভানেত্ৰী প্ৰণিতা গগৈকে ধৰি বিজেপি আৰু মিত্ৰজোঁটৰ বহু শীৰ্ষ নেতাই মুখ্যমন্ত্ৰী ড০ শৰ্মাক সংগ দিয়ে ৷

ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে অসংখ্যজনৰ আদৰণি

গোগামুখৰ পৰা আৰম্ভ কৰা চতুৰ্থ পৰ্যায়ৰ জন আৰ্শীবাদ যাত্ৰাৰ সময়ত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় ১৩১ কিলোমিটাৰ দৈৰ্ঘৰ পথৰ দুয়োপাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অসংখ্য গুণমুগ্ধ লোক শাৰী পাতি মুখ্যমন্ত্ৰীগৰাকীলৈ ঘণ্টা ঘণ্টা ধৰি অপেক্ষা কৰা পৰিলক্ষিত হয়৷ দীৰ্ঘ সময় ধৰি অপেক্ষা কৰিও ভাগৰি নপৰা হাজাৰ হাজাৰ ৰাইজে মুখ্যমন্ত্ৰীগৰাকী উপস্হিত হোৱাৰ মাত্ৰে আনন্দত উল্লসিত হোৱাৰ দৃশ্যই সকলোকে মুগ্ধ কৰে৷ জিলাখনৰ তিনিটা সমষ্টি  ধেমাজি, চিচিবৰগাঁও আৰু জোনাই বিধানসভা সমষ্টিৰ মাজেৰে আৰ্শীবাদ যাত্ৰা পাৰ হোৱাৰ সময়ত সমবেত সকলোৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনি দি জনতাৰ নেতজনক আশিস প্ৰদান কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰীগৰাকীয়েও সকলোকে শুভেচ্ছা জ্ঞাপন কৰি ধন্যবাদ জনায় ৷

নিয়মীয়া বাৰ্তা, ধেমাজি, ৫ মাৰ্চ

You might also like