নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগৰ ৰাজ্যপালৰ আকস্মিক পদত্যাগ

পশ্চিমবংগত আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক মহলত নতুন আলোড়ন সৃষ্টি হৈছে। ৰাজ্যখনৰ ৰাজ্যপাল চি ভি আনন্দ বোসে নিজৰ পদৰ পৰা পদত্যাগ কৰিছে বুলি জানিব পৰা গৈছে।

ড° চি ভি আনন্দ বোসক ১৭ নৱেম্বৰ ২০২২ তাৰিখে পশ্চিম বংগৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁৰ আগতে গণেশনে মণিপুৰৰ ৰাজ্যপাল হিচাপে থাকি অতিৰিক্ত দায়িত্ব হিচাপে পশ্চিমবংগৰ ৰাজ্যপালৰ দায়িত্ব পালন কৰিছিল।

উল্লেখযোগ্য যে পূৰ্বৰ ৰাজ্যপাল জগদীপ ধনখৰ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই চি ভি আনন্দ বোসক পশ্চিমবংগৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছিল।

চি ভি আনন্দ বোস ১৯৭৭ বৰ্ষৰ আইএএছ বিষয়া। তেওঁ কট্টায়াম, কেৰালাৰ বাসিন্দা। প্ৰশাসনিক ক্ষেত্ৰৰ লগতে তেওঁ এগৰাকী লেখকো। ইংৰাজী, মালয়ালম আৰু হিন্দী ভাষাত তেওঁৰ প্ৰায় ৪০খন গ্ৰন্থ প্ৰকাশ পাইছে।

তেওঁক জৱাহৰলাল নেহৰু ফেলোশ্বিপেৰে সন্মানিত কৰা হৈছে। ইয়াৰ উপৰি তেওঁ সেই কাৰ্যকৰী গোটৰ সভাপতি আছিল যিয়ে নৰেন্দ্ৰ মোদী চৰকাৰৰ বাবে উন্নয়নৰ এজেণ্ডা প্ৰস্তুত কৰিছিল। “সকলোৰ বাবে সুলভ গৃহ” ধাৰণাটোও তেওঁৰ পৰিকল্পনাৰ আধাৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছিল।

ডিজিটেল ডেস্ক, ৫ মাৰ্চ

You might also like