নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল : তামুলপুৰত প্ৰমোদ বড়োক উষ্ম আদৰণি

বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৰাজ্যসভাৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতেই আজি তামুলপুৰ জিলা ইউপিপিএল কাৰ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। মনোনয়ন দাখিল কৰি প্ৰথমবাৰৰ বাবে কাৰ্যালয়ত উপস্থিত হোৱা বড়োক দলীয় কৰ্মীসকলে ফুলৰ মালা, আৰণাই আৰু ফুলাম গামোচাৰে উষ্ম আদৰণি জনায়।

কাৰ্যালয়ৰ সন্মুখত ফটকা ফুটাই এক আবতৰীয়া দীপাবলীৰ সৃষ্টি কৰে। প্ৰমোদ বড়োক ঢোলে-ডগৰে আদৰি আনে কাৰ্যালয়লৈ। উছৱমুখৰ পৰিৱেশত মুখৰিত এই আদৰণী অনুষ্ঠানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰমোদ বড়োৱে কয়— ৰাজ্যসভা নিৰ্বাচনৰ বাবে দলে মোৰ নামটো প্ৰস্তাৱ কৰিছে আৰু মই আজি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। মই আমাৰ ইউপিপিএল দলৰ জ্যেষ্ঠ নেতা ইউ জি ব্ৰহ্ম, গোবিন্দ বসুমতাৰী, ৰণগৌৰা নাৰ্জাৰীকে আদি কৰি দলীয় নেতৃবৃন্দক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

ইতিমধ্যে আমাৰ দলৰ পৰা লোকসভাত জয়ন্ত বসুমতাৰী আৰু ৰাজ্যসভাত ৰণগৌৰা নাৰ্জাৰী সাংসদ হিচাপে আছেই। গতিকে মই সাংসদ হিচাপে নিৰ্বাচিত হ’লে আমি তিনিওগৰাকীয়ে মিলি বড়োলেণ্ড অঞ্চলৰ সৰ্বাংগীণ উন্নয়নৰ লগতে ২০০৩ আৰু ২০২০ চনৰ বড়ো চুক্তিৰ যিবোৰ দফা এতিয়াও ৰূপায়ণ হোৱা নাই, সেইসমূহ কাৰ্যকৰী কৰাৰ বাবে দেহে-কেহে খাটিম। বিশেষকৈ শিক্ষা, অৰ্থ-সামাজিক উন্নয়ন আৰু বড়োলেণ্ডত যোৱা ৫ বছৰত যি শান্তিৰ পৰিৱেশ তথা ২৬টা জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়ি উঠিছে, তাক অধিক শক্তিশালী কৰিবলৈ আমি তিনিওগৰাকীয়ে ঐক্যবদ্ধভাৱে কাম কৰি যাম।

ইয়াৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পুজিঁসমূহ যাতে সঠিকভাৱে ৰূপায়ণ হয়, সেইটো আমি নিশ্চিত কৰিম।

আগন্তুক বিধানসভা নিৰ্বাচন সম্পৰ্কত তেওঁ কয়— ইউপিপিএল দলে বিটিচিৰ ১৫টা সমষ্টিৰ আটাইকেইটাতে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে আৰু ৰাইজে আমাৰ শাসনৰ কৌশল দেখিছে বাবে আমি সৰ্বাধিক আসন পাম বুলি দৃঢ় বিশ্বাসী।

আনহাতে, ‘ব্যক্তিগত স্বাৰ্থ’ত ৰাজনীতি কৰাৰ অভিযোগ খণ্ডন কৰি বড়োৱে কয় — মই ৰাইজৰ বাবেহে ৰাজনীতি কৰিছোঁ, ব্যক্তিগত স্বাৰ্থ থকা হ’লে দোকান বা ব্যৱসায় কৰিলোহেঁতেন। হিংসা বা ইৰ্ষা থকা একাংশ লোকেহে এনে মন্তব্য কৰে, কাৰণ ইয়াত দলেহে সকলো সিদ্ধান্ত লয়, কোনোবাই ব্যক্তিগতভাৱে ল’ব নোৱাৰে।

নিয়মীয়া বাৰ্তা, তামুলপুৰ, ৫ মাৰ্চ

You might also like