নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কার্বি পাহাৰত যুঁজাৰু বিমান ছুখয় দুর্ঘটনা, দুই পাইলটৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ৬ মার্চ : কার্বি আংলঙৰ চকীহোলাৰ ৰংখেলান গাঁৱৰ দুর্গম পাহাৰীয়া এলেকাত বৃহস্পতিবাৰে নিশা ভাৰতীয় বায়ুসেনাৰ এখন যুঁজাৰু বিমান ভূপতিত হোৱাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হয়৷ নিশা গাঁওবাসীয়ে এটা বিকট শব্দ শুনিবলৈ পাই শব্দৰ উৎস বিচাৰি যাওঁতেই বিমানখন দাওদাওকৈ জ্বলি থকা অৱস্থাত প্রত্যক্ষ কৰে৷ ঘটনাটো সংঘটিত হোৱাৰ কিছু সময় পাছতে স্থানীয় গাঁওবাসীয়ে আৰক্ষীক খবৰ দিয়ে৷

এই সন্দর্ভত প্রতিৰক্ষা বিভাগৰ এক সূত্রই সদৰী কৰা মতে, সন্ধিয়াৰ ভাগত যোৰহাটৰ বায়ুসেনা ছাউনীৰ পৰা উৰা মাৰিছিল চাৰিখনকৈ ছুখয় এছইউ–৩০ এমকেআই যুঁজাৰু বিমান৷ অনুশীলনৰ বাবে সন্ধিয়াৰ ভাগত উৰা মৰা চাৰিখন বিমানৰ তিনিখন উভতি আহে যদিও এখন ভূপতিত হয়৷

এই বিমান দুৰ্ঘটনাত দুজন পাইলট নিহত হোৱা বুলি নিশ্চিত কৰিছে বায়ুসেনাই। বায়ুসেনাৰ নিহত পাইলট দুজনৰ নাম হৈছে ফ্লাইং পাইলট স্কোৱাড্ৰন লীডাৰ অনুজ, সহ-পাইলট লেফটেনেন্ট পুর্বেশ ডুৰাগকৰ। বায়ুসেনাই এই দুয়োগৰাকী পাইটলৰ বিয়োগত শোক প্ৰকাশ কৰিছে।

ঘটনা সন্দৰ্ভত একাংশ গাঁওবাসীয়ে সদৰী কৰা মতে, নিশাৰ ভাগত এক প্রচণ্ড বিস্ফোৰণে সকলোৰে ঘৰ–দুৱাৰ কঁপাই তোলে৷ মুহূর্ততে চাৰিওফালে ধোঁৱা–ধূলিয়ে আগুৰি ধৰে৷ প্রথম অৱস্থাত গাঁওবাসীয়ে তাত বোমা বিস্ফোৰণ হোৱা বুলি সন্দেহ কৰিছিল যদিও ঘটনাস্থলীত বিমানখন ভূপতিত হৈ থকা প্রত্যক্ষ কৰে৷

You might also like