ডিজিটেল ডেস্ক, ৬ মার্চ : সমাগত বিধানসভা নির্বাচনত একেলগে প্রতিদ্বন্দ্বিতা কৰাৰ বাবে সিদ্ধান্তত উপনীত হ’ল অগপ–বিজেপি–বিপিএফ৷ আনুষ্ঠানিকভাৱে বিজেপিৰ সৈতে আসন বুজাবুজি চূড়ান্ত হ’ল অগপ আৰু বিপিএফৰ৷ এই কথা স্পষ্ট কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
উল্লেখ্য যে অগপৰ সৈতে আসন বুজাবুজিক লৈ যোৱা সময়ছোৱাত চলি থকা নানান চর্চা–আলোচনাৰ অন্তত বুধবাৰে নিশা মুখ্যমন্ত্রীৰ উপস্থিতিত দুয়োটা দলৰ শীর্ষ নেতৃত্বৰ সৈতে এই আসন বুজাবুজি চূড়ান্ত কৰিবলৈ সক্ষম হয় বিজেপিয়ে৷ এই সন্দর্ভত অগপ আৰু বিপিএফে আনুষ্ঠানিকভাৱে কোনো কথা স্পষ্ট কৰা নাই যদিও মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয়– অগপ আৰু বিপিএফৰ সৈতে মিত্রতা চূড়ান্ত হৈছে৷ মিত্রতাৰ যি গাঁথনি সেয়া নতুন দিল্লীৰ ৰাষ্ট্রীয় নেতৃত্বৰ পৰা অনুমোদন পোৱাৰ লগে লগে তাক ঘোষণা কৰা হ’ব৷ এইক্ষেত্রত অগপ বা বিপিএফে আনুষ্ঠানিকভাৱে বিষয়টো অৱগত কৰিলেও তেওঁলোকক আসনৰ নামসমূহ ঘোষণা নকৰিবলৈ অনুৰোধ কৰিছোঁ৷
মুখ্যমন্ত্রীয়ে কয়– আসন বুজাবুজিৰ আলোচনা যথেষ্ট ফলপ্রসূ হৈছে৷ অগপ আৰু বিজেপিৰ মাজত আলোচনা সম্পূর্ণ হৈছে আৰু দুয়োটা দলৰ মাজত কোনোধৰণৰ বন্ধুত্বমূলক প্রতিযোগিতা নাথাকিব৷ প্রতিটো সমষ্টিতে বুজাবুজি সম্পূর্ণ কৰা হৈছে৷ একে সময়তে ৰাভা যৌথ সংগ্রাম সমিতিৰ সৈতেও বুজাবুজি সম্পূর্ণ কৰা হৈছে৷ ৰাভা যৌথ সংগ্রাম সমিতিৰ লগত বকো, দুধনৈ আৰু গোৱালপাৰা পশ্চিম সমষ্টিক লৈ বুজাবুজি চূড়ান্ত হৈছে৷ গতিকে মিত্রতাৰ দিশত আমাৰ বিশেষ আলোচনা কৰিব লগা নাই৷ নতুন দিল্লীৰ পৰা এই সন্দর্ভত অনুমোদন পালে আনুষ্ঠানিকভাৱে আলোচনা কৰা হ’ব৷
মুখ্যমন্ত্রীয়ে ইয়াকো স্পষ্ট কৰে যে অগপৰ সৈতে বুজাবুজিৰ ক্ষেত্রত ২০২১ চনৰ নির্বাচনী বুজাপৰাৰ দৰেই হৈছে৷ এখন–দুখন আসনত আগ–পিছ কৰা হৈছে৷ এইক্ষেত্রত বিজেপিয়েও সমস্যাৰ সন্মুখীন হোৱা নাই, অগপয়ো কষ্ট পোৱা নাই৷ আনহাতে, বিপিএফৰ ক্ষেত্রতো আসন বুজাবুজিক লৈ সমস্যাৰ সৃষ্টি হোৱা নাই৷
মন কৰিবলগীয়া যে অগপ–বিজেপিৰ আসন বুজাবুজিক লৈ যোৱা সময়ছোৱাত নানান আলোচনাৰ বিপৰীতে মুখ্যমন্ত্রীৰ উপস্থিতিত চূড়ান্ত হোৱা আসনৰ সংখ্যাক লৈ অগপই কোনো সদৰী কৰা নাই যদিও সর্বমুঠ ২৭খন আসন অগপক বিজেপিয়ে এৰি দিয়া বুলি জানিব পৰা গৈছে৷