ডিজিটেল ডেস্ক, ৬ মাৰ্চ : আগন্তুক অসম বিধানসভা নিৰ্বাচনত ইউপিপিএলে এককভাৱে যুঁজিব আৰু বিটিআৰৰ ১৫খন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি দলটোৰ সভাপতি আৰু বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে আজি (৬ মাৰ্চ) ঘোষণা কৰে।
“বিটিআৰৰ ১৫টা বিধানসভা সমষ্টিতে আমি প্ৰাৰ্থী থিয় কৰাম। বড়োলেণ্ডৰ উন্নয়নৰ বাবে আমি দায়বদ্ধ”- ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে চিৰাং জিলাৰ কাজলগাঁৱত আজি এক মটৰচাইকেল ৰেলীৰ সময়ত সাংবাদিকৰ আগত এইদৰে কয়।
তদুপৰি তেওঁ কয়- ইউপিপিএলে ৰাজ্যৰ শাসক দল বিজেপি নেতৃত্বাধীন এনডিএৰ অংশীদাৰ হিচাপে ২০২১ চনৰ নিৰ্বাচনত বিজেপিৰ সৈতে মিলি নিৰ্বাচনত অংশ লৈছিল। কিন্তু বিগত বিটিচি নিৰ্বাচনত দুয়োটা দলে পৃথকভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু বিপিএফে ক্ষমতা দখল কৰি বিটিআৰত ইউপিপিএলক ক্ষমতাচ্যুত কৰাৰ পিছত নিৰ্বাচনী বতাহ কিছু পৰিমাণে সলনি হৈছে, যাৰ ফলত ইউপিপিএলে এককভাৱে সমাগত বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈছে।