ভাৰত মহাসাগৰলৈ পুনৰ যুদ্ধ জাহাজ প্রেৰণ ইৰানৰ, ভাৰততো যুদ্ধৰ আঁচোৰ !
ডিজিটেল ডেস্ক, ৭ মার্চ : ভাৰত মহাসাগৰত মার্কিন আক্রমণত ইৰানৰ যুদ্ধ জাহাজ ডেনা ধ্বংস হোৱাৰ পিছতে এলেকাটোলৈ পুনৰ আহিছে ইৰানৰ আন এখন যুদ্ধ জাহাজ৷ জানিব পৰা মতে, বৃহস্পতিবাৰে ভাৰত মহাসাগৰত থকা শ্রীলংকাৰ এটা বন্দৰত লংগৰ পেলাইছে আইআৰআইএনএছ বুছেহৰে৷
বুধবাৰে মার্কিন টর্পেডোৰ আঘাতত ডেনা নামৰ যুদ্ধ জাহাজখন ধ্বংস হোৱাৰ পিছতো কিয় ভাৰত মহাসাগৰীয় এলেকাত ঘূৰা–ফুৰা কৰিছে ইৰানী যুদ্ধ জাহাজে, তাকে লৈ প্রশ্ণ উঠিছে৷ শ্রীলংকাৰ ৰাষ্ট্রপতি অনুৰা দিশানায়কে জনায় যে বৃহস্পতিবাৰে কলম্বো বন্দৰলৈ আহিছে ইৰানৰ যুদ্ধ জাহাজ৷ এই জাহাজখনত ২০৮জন লোক আছে৷ কলম্বোৰ পৰা জাহাজখনক ট্রিংক’মালিলৈ পঠিওৱা হ’ব৷ এইক্ষেত্রতো প্রশ্ণ উঠিছে যে শ্ৰীলংকাই যুদ্ধৰ মাজতে কিয় সেই দেশখনৰ জাহাজক নিজৰ বন্দৰত লংগৰ পেলাবলৈ অনুমতি দিছে৷ অনুৰাই জনায় যে আইআৰআইএনএছ বুছেহৰৰ ইঞ্জিন বিকল হৈ গৈছিল৷ মানৱীয় কাৰণতেই জাহাজখনক শ্রীলংকাত আশ্রয় দিয়া হৈছে৷ জাহাজখনৰ পৰা কর্মীসকলক নিৰাপদে উদ্ধাৰ কৰা হৈছে৷
অনুৰাৰ ভাষাত– ‘মানৱীয় কাৰণত যদি কোনোবাই সাহায্য বিচাৰে, তেনেহ’লে আমি নিৰপেক্ষ হৈ থাকিম আৰু সাহায্য কৰিম৷ কাৰোৰে প্রাণহানি আমাৰ কাম্য নহয়৷’
উল্লেখ্য যে শ্রীলংকাৰ পৰা ৰপ্তানি হোৱা চাহৰ আটাইতকৈ ডাঙৰ ক্রেতা ইৰান৷ বৃহস্পতিবাৰৰ পৰাই আইআৰআইএছ ডেনাৰ ওপৰত মার্কিন ছাবমেৰিনে চলোৱা আক্রমণৰ পিছত নিহত হোৱা লোকসকলৰ মৃতদেহ হস্তান্তৰ কৰিছে কলম্বোৱে৷ সেইদিনাই ইৰানৰ জাহাজক সাহায্য প্ৰদান কৰিছে তেওঁলোকে৷
বহুতেই ধাৰণা কৰিছে যে এই জাহাজখনৰ ওপৰতো আক্রমণ কৰিব পাৰে আমেৰিকাই৷ তেনে ক্ষেত্রতে প্রশ্ণ উঠিছে– ভাৰত মহাসাগৰীয় এলেকাতো যুদ্ধৰ আঁচোৰ পৰিব নেকি? উল্লেখ্য যে ভাৰতৰ সৈতে অনুশীলন কৰিবলৈ অতিথি হৈ আহিছিল ইৰানৰ যুদ্ধ জাহাজখন৷ বুধবাৰে নিচেই পুৱাতে সেই জাহাজখনৰ ওপৰত জঁপিয়াই পৰে মার্কিন টর্পেডো৷ এই আক্ৰমণত ৮৭জন লোকৰ মৃত্যু হয়৷