নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহমেদাবাদত আজি বিশ্ব জয়ৰ শেষ ৰণ, ইতিহাস গঢ়াৰ লক্ষ্য টীম ইণ্ডিয়াৰ

ডিজিটেল ডেস্ক, ৮ মার্চ : প্রতীক্ষাৰ অন্ত৷ এমাহ ধৰি চলা টি–২০ বিশ্বকাপৰ চেম্পিয়ন দলক আদৰিবলৈ সাজু হৈছে বিশ্ববাসী৷ আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত আজি বিশ্ব জয়ৰ শেষ ৰণ৷ এই ৰণত নামিব ডিফেণ্ডিং চেম্পিয়ন টীম ইণ্ডিয়া আৰু নিউজিলেণ্ড৷

আজিৰ এই খিতাপ যুঁজৰ মেচখনত দুয়োটা দলে ইতিহাস গঢ়াৰ লক্ষ্যৰে অৱতীর্ণ হ’ব৷ যদি ডিফেণ্ডিং চেম্পিয়ন টীম ইণ্ডিয়া চেম্পিয়ন হয়, তেতিয়াহ’লে প্রতিযোগিতাৰ খিতাপ অক্ষুণ্ণ ৰখা প্রথমটো দল হিচাপে ইতিহাস গঢ়িব৷ আনহাতে, যদি নিউজিলেণ্ড চেম্পিয়ন হয়, তেতিয়াহ’লে দলটোৱে প্রথমবাৰৰ বাবে বিশ্ব জয়ৰ সোৱাদ লাভ কৰিব৷ আজিৰ মেচখনক লৈ দুয়োটা দল আত্মবিশ্বাসী৷ ইতিমধ্যে মেচখনক লৈ বাকযুদ্ধত লিপ্ত হৈছে নিউজিলেণ্ডৰ অধিনায়ক মিচেল ছাণ্টনাৰ৷ অৱশ্যে ভাৰতীয় দলটোৰ অধিনায়কে নিউজিলেণ্ডৰ অধিনায়কগৰাকীৰ বাকযুদ্ধক লৈ কোনোধৰণৰ প্রতিক্রিয়া ব্যক্ত কৰা নাই৷

ফাইনেল মেচখনৰ বাবে বিশেষ ৰণনীতি তৈয়াৰত ব্যস্ত হৈ পৰিছে ঘৰুৱা দলটো৷ বিশ্ববাসীয়ে অধীৰ আগ্রহেৰে বাট চাই থকা খিতাপ যুঁজৰ মেচখনৰ বাবে আহমেদাবাদত চাৰি ধৰণৰ উইকেট প্রস্তুত কৰা হৈছে৷ অৱশ্যে আজিৰ ফাইনেল মেচখন কেনেধৰণৰ উইকেটত খেলোৱা হ’ব, সেই বিষয়ে এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও বেটিং সহায়ক উইকেটতে মেচখন অনুষ্ঠিত হোৱাৰ অধিক সম্ভাৱনা আছে৷

শুকুৰবাৰে বিয়লি মুম্বাইৰ পৰা আহমেদাবাদত উপস্থিত হোৱা সূর্যকুমাৰ বাহিনীয়ে কালি অনুশীলনত নামে৷ অনুশীলনৰ পূর্বে সংবাদমেল সম্বোধন কৰি ভাৰতীয় দলটোৰ অধিনায়ক সূর্যকুমাৰে কয় যে বৰুণ চক্রৱর্তীৰ অফ ফর্ম, টছ, নিয়ৰৰ প্রভাৱ, উইকেট আদি সকলো চম্ভালিবলৈ সম্পূর্ণৰূপে সাজু আছোঁ৷ ফাইনেলত দলটোক নেতৃত্ব দিবলৈ পাই তেওঁ অত্যন্ত সুখী বুলি মন্তব্য কৰে৷

অৱশ্যে আজি চেম্পিয়ন হ’বলৈ হ’লে ভাৰতীয় দলটোৱে তিনিটা স্থানত বিশেষ উন্নতি সাধন কৰিব লাগিব৷ অ’পেনাৰ অভিষেক শর্মাই নিজৰ ছন্দ ওভতাই আনিব লাগিব৷ কাৰণ অভিষেকে প্রতিযোগিতাখনত এতিয়ালৈকে আশানুৰূপ প্রদর্শন দাঙি ধৰিব পৰা নাই৷ ইপিনে, বলাৰসকলেও বিপক্ষ দলৰ বেটাৰক চাপত ৰাখিব পৰা নাই৷ গতিকে, আজি বলাৰসকলে নিজৰ ছন্দ ঘূৰাই আনিব লাগিব৷ আনহাতে, ফিল্ডিঙতো ভাৰতীয় দলটোৱে উন্নতি সাধন কৰিব লাগিব৷ কাৰণ বিগত মেচকেইখনত ফিল্ডাৰসকলে কেইবাটাও কেছ আয়ত্ত কৰাত ব্যর্থ হৈছে৷ গতিকে, আজিৰ এই মেচখনত ভাৰতীয় দলটোৱে এই তিনিটা বিষয়ত অধিক গুৰুত্ব দিব লাগিব৷ খেলৰ সময় : নিশা ৭ বজা৷

You might also like