ইৰানক আক্রমণৰ বাবে গঠন ‘ইছলামিক নাটো’
ডিজিটেল ডেস্ক, ৮ মার্চ : ইৰানৰ সর্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইৰ হত্যাৰ প্রতিশোধ ল’বলৈ ইৰানে সমগ্র মধ্যপ্রাচ্যত চলাইছে এটাৰ পিছত আনটো আক্রমণ৷ ছৌদি আৰব, সংযুক্ত আৰব আমীৰ শ্বাহী, কাটাৰ, কুৱেইট, বাহৰেইনৰ লগতে আজাৰবাইজানতো ইৰানৰ মিছাইলৰ আঘাত পোহৰলৈ আহিছে৷ এই বিপজ্জনক পৰিস্থিতিত ‘ইছলামিক নাটো’ গঠনেৰে ইৰানক শিক্ষা দিবলৈ তিনিখন ৰাষ্ট্রৰ ত্রিকোণীয় প্রতিৰক্ষা মিত্রতা গঠনৰ কথা সংবাদ মাধ্যমত প্রকাশ পাইছে৷
তুৰস্ক, পাকিস্তান আৰু ছৌদি আৰবৰ উমৈহতীয়া প্রচেষ্টাত গঠন হৈছে এই ইছলামিক নাটো৷ পাকিস্তানৰ সেনাপ্রধান আছিম মুনিৰৰ ছৌদি আৰব ভ্রমণৰ পিছতে এই পৰিকল্পনা পোহৰলৈ আহিছে৷ শনিবাৰে পাকিস্তানৰ সেনাপ্রধানে ছৌদি আৰবৰ প্রতিৰক্ষামন্ত্রী বিন ছলমানক সাক্ষাৎ কৰে৷
ইফালে, এই সাক্ষাতৰ কথা এক্স হেণ্ডেলত শ্বেয়াৰ কৰি মন্ত্রী ছলমানে লিখে– পাকিস্তানৰ সেনাধ্যক্ষৰ সৈতে এখন বৈঠকত মিলিত হ’লোঁ৷ আমি আমাৰ যৌথ প্রতিৰক্ষা চুক্তিৰ অধীনত ছৌদি আৰবৰ ওপৰত ইৰানৰ আক্রমণ আৰু ইয়াক প্রতিৰোধৰ বাবে প্রয়োজনীয় ব্যৱস্থা সন্দর্ভত আলোচনা কৰিলোঁ৷ আঞ্চলিক নিৰাপত্তা আৰু সুস্থিৰতা বিঘ্ণিত কৰা যিকোনো পদক্ষেপ ৰোধ কৰিবলৈ আমি আলোচনা কৰিছোঁ৷ ইৰানে নিজৰ স্থিতি সলনি নকৰিলে শীঘ্রেই দেশখনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷
ইফালে, কূটনৈতিক মহলে দাবী কৰে যে বর্তমান পৰিস্থিতিৰ পৰিপ্রেক্ষিতত এই বৈঠক কূটনৈতিকভাৱেও অতি গুৰুত্বপূর্ণ৷ কিয়নো কেইমাহমান পূর্বে তুৰস্ক, পাকিস্তান আৰু ছৌদি আৰবে ত্রিকোণীয় ইছলামিক নাটোসদৃশ প্রতিৰক্ষা মিত্রতা গঢ়িবলৈ চেষ্টা চলাইছিল, যাৰ লক্ষ্য আছিল অস্থিৰ মধ্যপ্রাচ্য আৰু ইয়াৰ সমীপত নিৰাপত্তাৰ ঢাল সৃষ্টি কৰা৷ এই মিত্রতাই অদূৰ ভৱিষ্যতে ইৰানক শ’লঠেকত পেলাব৷ দুয়োগৰাকী নেতাই উপ–সাগৰীয় দেশসমূহত ইৰানে কৰা আক্রমণৰ নিন্দা কৰে৷